নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ বিজনী গোঁসাইগাঁৱত অগ্নিকাণ্ড

নিয়মীয়া  বাৰ্তা, ৩ জুন : বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত দক্ষিণ বিজনীত আজি বিয়লিৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় দ্বীপেন ৰায়ৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ মূল ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জাহ যায় কিতাপ-পত্ৰ, নথি-পত্ৰকে আদি কৰি ঘৰৰ সকলো সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ।ইফালে, জুই দেখি অচেতন হৈ পৰে দ্বীপেন ৰায়ৰ পত্নী ভানুমতী ৰায়। স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ ১০৮ সেৱাৰে হাস্পতাললৈ প্ৰেৰণ কৰা হয় ভানুমতী ৰায়ক।পাছত ঘটনাস্থলীত বিজনীৰ দুখনকৈ অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও ঘৰৰ এপদো সামগ্ৰী উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জনায় ঘৰৰ গৰাকী দ্বীপেন ৰায়ে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ 
You might also like