নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছ সৰবৰাহত জড়িত বাঘবৰৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক হামিদুলক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩ জুন : বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকণৰা সাত নং চিটত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মাণিকপুৰৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক হামিদুল ইছলাম (২৬)ক কৰায়ত্ত কৰে বাঘবৰ আৰক্ষীয়ে।বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই হেৰʼইনসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় গাওঁৰক্ষী বাহিনীৰ সম্পাদক হামিদুল ইছলামক। ধৃত গাওঁৰক্ষী বাহিনীৰ সম্পাদক হামিদুল ইছলামৰ পৰা আৰক্ষীয়ে ১৪০ গ্ৰাম অৰ্থাৎ ৩৮ টা ছাছপেক্টেড হেৰʼইনভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বাঘবৰ আৰক্ষীয়ে C/NO-33/2023 U/S-21 (B)NDPS ACTত এটা গোচৰ ৰুজু কৰি ধৃত গাঁওৰক্ষী বাহিনীৰ সম্পাদক হামিদুল ইছলামক আদালতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ এনে কঠোৰ পদক্ষেপক এতিয়া সকলোৱে ভূয়সী প্ৰশংসা কৰিছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ
You might also like