পুনে চলচ্চিত্র মহোৎসৱত প্রদর্শিত হ’ব ‘বেলকনিত ভগৱান’
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ দেশে–বিদেশে সুখ্যাতি অর্জন কৰা অসমীয়া ছবি বেলকনিত ভগৱানে ৰাষ্ট্রীয় পর্যায়ত আন এক সুনাম লাভ কৰিবলৈ সক্ষম হৈছে৷ নুৰুল চুলতানে প্রযোজনা কৰা ছবিখন পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ বাবে আমন্ত্রণ লাভ কৰিছে৷ মাইনা প্রডাকচনৰ বেনাৰত নির্মাণ কৰা চিনেমাখনক অহা ১১ মার্চৰ পৰা ১৮ মার্চলৈকে অনুষ্ঠিত হ’ব লগা ১৯সংখ্যক পুনে অন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত দুটা প্রদর্শনী অনুষ্ঠিত হ’ব৷ একেখন আয়োজক সমিতিয়ে অহা ২০ মার্চৰ পৰা ২৫ মার্চলৈ মুম্বাইত আয়োজন কৰা ১১সংখ্যক ‘য়শৱন্ত’ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱলৈও বেলকনিত ভগৱানে আমন্ত্রণ লাভ কৰিছে৷ দেশ–বিদেশৰ কুৰিখনতকৈও অধিক মহোৎসৱলৈ আমন্ত্রণ লভা ছবিখন অহা ২১ৰ পৰা ২৪ মার্চলৈ যোধপুৰ আৰু জয়পুৰত অনুষ্ঠিত হ’ব লগা ৰাজস্থান আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ প্রতিযোগিতা শাখাত প্রদর্শনৰ বাবে নির্বাচিত হৈছে৷ তিনিওখন মহোৎসৱত পৰিচালক, প্রযোজকক উপস্থিত থাকিবলৈ নিমন্ত্রণ জনাইছে৷ উল্লেখ্য যে ১৯সংখ্যক ঢ়াকা অন্তঃৰাষ্ট্রীয় মহোৎসৱ আৰু ২৫সংখ্যক কেৰালা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত দেশ–বিদেশৰ চিনে সমালোচকৰ বিশেষ দৃষ্টি আকর্ষণ কৰা ছবিখন অহা মে’ মাহত ২০সংখ্যক স্পেইনৰ মাদ্রিদত প্রদর্শনৰ বাবে আমন্ত্রিত হৈছে৷