নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটী সমষ্টি অগপক এৰি দিয়াক লৈ বিজেপি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ অগপ–বিজেপি নেতৃত্বাধীন মিত্রজোঁটে পশ্চিম গুৱাহাটী সমষ্টিটো পুনৰ অগপক এৰি দিয়াৰ পিছত এইবাৰ প্রার্থিত্বকেন্দ্রিক সংঘাতত উত্তাল হৈ আছে পশ্চিম গুৱাহাটী সমষ্টি৷ আজাৰাত কালি দুপৰীয়া প্রায় এক হাজাৰ বিজেপি কার্যকর্তাই সমষ্টিটো অগপক এৰি দিয়াৰ বিৰুদ্ধে আজাৰাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ পিছত আজি দ্বিতীয় দিনাও পুনৰ বিজেপিৰ কেইবাশ কর্মীয়ে মহানগৰীৰ লালগণেশত অগপ বিধায়ক আৰু দলটোৰ নেতা ৰমেন্দ্র নাৰায়ণ কলিতাক প্রার্থিত্ব দিয়াৰ বিৰোধিতা কৰি পুনৰ প্রতিবাদী কার্যসূচী পালন কৰে৷ দলৰ কার্যকর্তাসকলে হাতে হাতে প্লেকার্ড, বেনাৰ লৈ বিজেপি জিন্দাবাদ, ভাৰত মাতা কী জয়, আমাক বিজেপি প্রার্থী লাগিবই, দৰকাৰ হ’লে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা কৰিম তথাপি আমাক পদুম ফুলৰ সৈতে দলীয় প্রার্থী দিয়ক ধবনিৰে আকাশ–বতাহ মুখৰিত কৰি তোলে৷

আনহাতে, দিনৰ চাৰে ১১ বজাৰ পৰা দুপৰীয়া এক বজালৈ অনুষ্ঠিত ডেৰ ঘণ্টাজোৰা প্রতিবাদী কার্যসূচীত বিজেপিৰ গুৱাহাটী জিলা কমিটীৰ সম্পাদক বলেশ্বৰ ৰংপী, জিলা মহিলা মর্চাৰ উপ–সভানেত্রী ধৰিত্রী দৈমাৰী, সমষ্টিটোৰ তিনিখন মণ্ডল কমিটী ক্রমে ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ, পশ্চিম গুৱাহাটীৰ সভাপতি দেৱজিৎ ৰাজবংশী, দক্ষিণ গুৱাহাটীৰ উপ–সভাপতি ভৱেশ চৰকাৰকে ধৰি কেইবাজনো নেতা উপস্থিত হৈ সাংগঠনিক দিশত শক্তিশালী অৱস্থানত থকা পশ্চিম গুৱাহাটীত বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা হ’লেও বিজেপিৰ প্রার্থীগৰাকীক বিপুল ভোটত বিজয়ী কৰাব বুলি ঘোষণা কৰে৷ আনকি দলীয় নেতৃত্বই সমষ্টিটোত যদিহে বন্ধুত্বমূলকভাৱে বিজেপিৰ প্রার্থী নিদিয়ে, তেতিয়াহ’লে কর্মীসকলে সমূহীয়াভাৱে পুনৰ তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লোৱা বুলিও নেতাসকলে জানিবলৈ দিয়ে৷

You might also like