নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ডাঃ সুৰজিত গিৰিৰ “সাপ আৰু আমি” শীৰ্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত  আয়োজিত গ্ৰন্থ উন্মোচনী সভাত ডাঃ  সুৰজিত গিৰিৰ “সাপ আৰু আমি” উন্মোচন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি সাহিত্য অকাডেমী বঁটা প্ৰাপক ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে সৰ্প দংশন মানেই মৃত্যু নহয়। আধুনিক চিকিৎসাৰ জৰিয়তে আক্ৰান্ত ৰোগী আৰোগ্য হব পাৰে। সাপ সম্পৰ্কত সৰহ সংখ্যক লোকৰ মাজত প্ৰচলিত ভ্ৰান্ত ধাৰণা, অহেতুক ভয় আৰু সৰ্প দংশনৰ আধুনিক চিকিৎসাৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে বহু লোকে সৰ্প দংশনত মৃত্যুক আকোঁৱালি লব লগা হয়। বিশ্ব স্বাস্থ্য সংস্থায়ো সৰ্প দংশনক এক অৱহেলিত ক্ৰান্তীয় ৰোগ বুলি  অভিহিত কৰিছে।  এনে ধূসৰতাৰ  মাজতে এগৰাকী চিকিৎসক সুৰজিত গিৰিয়ে নিৰৱিচ্ছিন্নভাৱে সৰ্প দংশনত আক্ৰান্ত ৰোগীক চিকিৎসাৰ প্ৰদান কৰি আৰোগ্য কৰি তুলিছে। তেওঁৰ এই প্ৰয়াসে সমগ্ৰ অসমতে এক আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডাঃ গিৰিয়ে সৰ্প দংশন আক্ৰান্ত ৰোগীক প্ৰদান কৰা চিকিৎসা আৰু ৰোগী-চিকিৎসাকৰ্মীৰ জীৱন-মৰণ যুঁজৰ বাস্তৱ কাহিনীক “সাপ আৰু আমি” কিতাপৰ ৰূপত ধৰি ৰাখিছে। লগতে তেওঁ কয় যে  সাপৰ আছে এক সন্মোহিত ৰূপ  যি ৰূপে মোক সৰুৰে পৰা মোহিত কৰি আহিছে।

 

অনুষ্ঠানত উপস্থিত থাকি ক্ৰমে ভাৰতীয় চিকিৎসা সন্থা, অসমৰ সম্পাদিকা ডাঃ শিখা শৰ্মাৰ লগতে বিশিষ্ট ঔপন্যাসিক মনালিছা শইকীয়াই  বিষাক্ত সৰ্প দংশনৰ চিকিৎসা পদ্ধতি আৰু  ইয়াৰ বাবে ৰাইজে ল’ব লগা সাৱধানতা সম্পৰ্কেও মন্তব্য আগবঢ়ায়। পূৰ্বায়ণ প্ৰকাশকৰ স্বত্বাধিকাৰী ড° অমৃত কুমাৰ উপাধ্যায়ে আদৰণী ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটো আৰণ্যকৰ জ্যেষ্ঠ প্ৰৱন্ধক পৰিবেশবিদ জয়ন্ত কুমাৰ পাঠক আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা প্ৰজন্মা চহৰীয়াই যুটীয়াভাৱে পৰিচালনা কৰে ৷ আনহাতে লেখক ডাঃ সুৰজিত গিৰীয়ে কয় যে “সাপ আৰু আমি” গ্ৰন্থখন মূলতঃ সৰ্প দংশনত আক্ৰান্ত ৰোগীসকলৰ বাস্তৱ কাহিনীৰে সমৃদ্ধ এখন তথ্য ভিত্তিক গ্ৰন্থ ৷ সৰ্প দংশনৰ পাছত ৰোগীসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল, অহেতুক ভয় আৰু অন্ধবিশ্বাসক আকোঁৱালি লৈ বিভিন্ন বেজ-বেজালিৰ কাষ চাপি ৰোগীসকল কি অৱস্থাত পৰিছিল– সেই অভিজ্ঞতাৰ লগতে আৰু জৰা-ফুঁকা , বেজ-বেজালিক নস্যাৎ কৰি চিকিৎসা বিজ্ঞানক আস্থাৰে আকোঁৱালি লোৱা বহু ৰোগীৰ মনৰ খবৰেৰে সমৃদ্ধ হৈ উঠিছে গ্ৰন্থখন । লগতে আছে সৰ্প দংশনৰ পাছত ৰোগী সময়ত চিকিৎসালয়ত উপস্থিত নোহোৱাত ৰোগীৰ পৰিয়ালে আপোনজনক হেৰুৱাই মৰ্মাহত হোৱা হৃদয় বিদাৰক অভিজ্ঞতা ৷ অসমৰ মুলুকৰ বিভিন্ন বিষাক্ত আৰু অবিষাক্ত সাপৰ আত্মাকথনৰ লগতে সাপসমূহ চিনাকি হোৱাত গ্ৰন্থখনিয়ে পাঠক সমাজক সহায় কৰিব ৷ ২০১৮ চনৰ পৰা বৰ্তমান সময়লৈকে ১৩০০তকৈ অধিক সৰ্প দংশন ৰোগীক চিকিৎসা প্ৰদান কৰি আমি নিশ্চিত হৈছিলোঁ যে অসমৰ মুলুকত মাত্ৰ ১২.৫%  বিষাক্ত সাপেহে ব্যক্তিক দংশন কৰিছে ৷ বাকী সকলো অবিষাক্ত সাপে দংশন কৰিছে ৷ অসমত পোৱা সত্তৰোধিক প্ৰজাতিৰ ভিৰতৰত প্ৰায় ৬ প্ৰজাতিহে বিপদজ্জনকভাৱে বিষাক্ত সাপ ৷ এই প্ৰজাতিকেইটাৰ সাপে দংশন কৰিলেও ৰোগী উপযুক্ত সময়ত চিকিৎসালয়ত উপস্থিত হয় তেন্তে সম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব ৷ বিষাক্ত পিট ভাইপাৰ সাপৰ চিকিৎসা পদ্ধতি সম্পৰ্কেও গ্ৰন্থ খনিত সন্নিৱিষ্ট কৰা হৈছে৷ ২০০ পৃষ্ঠাৰ গ্ৰন্থখনিত ডাক্তৰ, চিকিৎসাকৰ্মীসকলৰ মনৰ কথাৰো পাঠক সমাজে উমান পাব ৷ উল্লেখযোগ্য প্ৰকাশ কালতেই যথেষ্ট সমাদৰ লাভ কৰা আজি উন্মোচিত হোৱা গ্ৰন্থখন সম্পাদনা কৰি তুলিছে পৰেশ হাতীমূৰীয়াই।

You might also like