নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ সাহিত্য-সংগঠক মদিৰা শইকীয়া ভূঞাৰ অকাল বিয়োগত শোকৰ ছাঁ 

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ দুলীয়াজানৰ এগৰাকী অগ্ৰণী সাহিত্য কৰ্মী তথা সাহিত্য-সংগঠক, বিশিষ্ট কবি মদিৰা শইকীয়া ভূঞাৰ (৪৬) অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে দুলীয়াজানৰ সমূহ সাহিত্য-সংস্কৃতি গোষ্ঠী । দেওবাৰে নিশা প্ৰায় ১১.২০ বজাত অইল আৱাসিক এলেকাৰ নিজ বাসগৃহতে হঠাৎ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ ভূঞাই মৃত্যুক সাৱটি লয়। আকৰ্ষণীয় ব্যক্তিত্বসম্পন্ন বিশিষ্ট সাহিত্য কৰ্মীগৰাকীৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ মাত্ৰকে নিশাৰ পৰাই অসংখ্য গুণমুগ্ধ তেওঁৰ অইল কলনীস্থিত বাসগৃহত উপস্থিত হয় । আজি দুপৰীয়া ভাগত এক শোকাকুল পৰিৱেশত টিপলিং শ্মশানত তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । বিশিষ্ট কবি মদিৰা শইকীয়া ভূঞা মৃত্যুৰ আগমূহুৰ্তলৈকে বিভিন্ন সমাজ-সাহিত্য কৰ্মত জড়িত হৈ এগৰাকী নিষ্ঠাবান কৰ্মীৰূপে সকলোৰে পৰিচিত আছিল। “ভালপোৱাৰ দিন ৰাতি” তেওঁৰ একমাত্ৰ কাব্যসংকলনখনে পাঠক সমাজৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছিল । সমান্তৰালভাৱে তেওঁ এগৰাকী বিশিষ্ট আবৃত্তিকাৰো। আনহাতে গ্ৰাফিক ডিজাইনাৰ মদিৰা শইকীয়া ভূঞা কেইবাখনো সাহিত্য আলোচনী সম্পাদনাও কৰিছিল। প্ৰয়াত মদিৰা শইকীয়া ভূঞা একাদিক্ৰমে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ লগতে সন্মিলনৰ ডিজিটেল আৰ্কাইড নিউজ প’ৰ্টেলৰ সম্পাদক, ইনাৰ হুইল ক্লাব দুলীয়াজানৰ প্ৰাক্তন সভানেত্ৰী, দুলীয়াজান সাহিত্য সভাৰ আলোচনী সম্পাদক, দুলীয়াজান উত্তৰণ কবি চক্ৰৰ প্ৰাক্তন সম্পাদক, দুলীয়াজান লেখিকা সংস্হা সম্পাদিকা, সুকুমাৰ কলা পৰিষদ অসমৰ কাৰ্যনিৰ্বাহক সদস্য, দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংস্থাৰ লগতো ওত:প্ৰোতভাৱে জড়িত আছিল। বিশিষ্ট সাহিত্য-সংগঠক তথা কবিগৰাকীৰ মৃত্যুত তেওঁৰ বাসগৃহত গৈ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে দুলীয়াজান সাহিত্য সভা, উত্তৰণ কবি চক্ৰ, দুলীয়াজান ৰ’টাৰী ক্লাব, ইনাৰ হুইল ক্লাব, লেখিকা সংস্হা, লেখিকা সমাৰোহ, অসম নাট্য সন্মিলন ডিব্ৰুগড় জিলা, টীম সঞ্জীৱন, আপকু ডিব্ৰুগড় জিলাৰ লগতে দুলীয়াজানৰ সমূহ সাংবাদিকৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰঠাকুৰ আৰু কৃষ্ণা গগৈ, অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক তথা অভিনেতা যদুমণি দত্ত আদি বহু ব্যক্তি বিশেষে। ইফালে দুলীয়াজান সাহিত্য সভাই নিজা সাহিত্য ভৱনত এখনি শোকসভাও আয়োজন কৰে। মৃত্যুৰ সময়ত ভূঞাই স্বামী ধ্ৰুৱজ্যোতি ভূঞাসহ একমাত্ৰ পুত্ৰ নিবিৰ আৰু বহু আত্মীয় স্বজন গুণমুগ্ধক ইহসংসাৰত এৰি যায় ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like