নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ অন্তৰত অন্তৰ্নিহিত পৰিপূৰ্ণতাৰ অভিব্যক্তিয়েই হৈছে শিক্ষাঃ মৰিয়নি কলেজত বক্তৃতানুষ্ঠানত দিগন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ‘প্ৰত্যেক ব্যক্তিৰে জীৱনৰ একোটা লক্ষ্য থাকে। সৰু হওক – ডাঙৰ হওক প্ৰত্যেকৰে জীৱনৰ লক্ষ্য থাকিবই লাগিব । অন্যথা লক্ষ্যহীন জীৱন দুঃখময় জীৱন হৈ পৰে ।’ মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক মনোজ্ঞ বক্তৃতানুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি এই দৰে কয় সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্যৰ বঁ‌টাপ্ৰাপক, চিন্তাবিদ, সুবক্তা দিগন্ত বিশ্ব শৰ্মাই। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত “জীৱনৰ লক্ষ্য আৰু ব্যক্তিত্বৰ পৰিপূৰ্ণতা” শীৰ্ষক এই বিশেষ বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি সুবক্তা দিগন্ত বিশ্ব শৰ্মাই লগতে কয়- জীৱনৰ লক্ষ্যৰ বৈশিষ্ট্যৰ ওপৰত আমাৰ জীৱনৰ গুণাগুণ নিৰ্ভৰ কৰে । লক্ষ্য যদি সুউচ্চ হয় তেন্তে তেওঁ মহাজীৱনৰ অধিকাৰী হ’ব আৰু লক্ষ্য যদি সৰু হয় তেওঁৰ জীৱনো সৰু হ’ব- লক্ষ্য যদি মহৎ হয় তেন্তে তেওঁৰ জীৱনো মহৎ হ’ব । গতিকে প্ৰত্যেকৰে লক্ষ্য সুউচ্চ-বিশাল-উদাৰ – নিস্বাৰ্থ হোৱা উচিত । তেতিয়াহে নিজৰ লগতে আনৰ ওচৰতো জীৱন মূল্যবান হ’ব। কিন্তু যেতিয়ালৈকে ব্যক্তিত্বৰ পৰিপূৰ্ণতা নহয় তেতিয়ালৈকে লক্ষ্যত উপনীত হ’ব নোৱাৰে বুলিও তেওঁ লগতে উল্লেখ কৰে । উপনিষদৰ সাধুকথাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়- পৃথিৱীৰ প্ৰতিজন লোকৰ মাজত ‘নচিকেতা’ আছে । কিন্তু সেয়া মনৰ মাজতেই অৱগুন্ঠিত হৈ আছে। ‘নচিকেতা’ক জাগ্ৰত কৰাৰ প্ৰাসংগিকতা আছে বুলিও তেওঁ‌ কয়। আনহাতে, স্বামী বিবেকানন্দৰ উক্তিৰ উদ্ধৃতি দি তেওঁ কয় – প্ৰতিজন মানুহৰ ভিতৰত অনন্ত শক্তি অন্তৰ্নিহিত হৈ আছে ।কিন্তু সেই শক্তি আবৃত হৈ আছে। এই শক্তিক অনাবৃত কৰিব পাৰিব লাগিব। স্বামী বিবেকানন্দৰ উক্তিৰে তেওঁ কয়- মানুহৰ অন্তৰত পূৰ্বৰ দৰে অন্তৰ্নিহিত পৰিপূৰ্ণতাৰ অভিব্যক্তিয়েই হৈছে শিক্ষা । সাৱলীল কথনভংগীৰে তেওঁ কয় – সামন্ত প্ৰথা পৃথিৱীৰ পৰা কেতিয়াবাই বিলুপ্ত হৈ গ’ল যদিও ‘সামন্ত’ নামৰ সেই প্ৰবৃতিটোক  আজিও আমি সযতনে মনৰ মাজত ক’ৰবাত পালন কৰি আহিছো। সেয়েহে ক্ষমতাৰ বাবে পিছত আজি সকলো দৌৰিব ধৰিছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ বক্তব্য প্ৰদান কৰে। আনহাতে, সাম্প্ৰতিক সময়ত মানুহৰ চাৰিটাই প্ৰধান লক্ষ্য হৈছে বুলি উল্লেখ কৰি তেওঁ কয়- কৰ্ম, অৰ্থ, খ্যাতি আৰু ক্ষমতাৰ পিছত আজি সকলো দৌৰিছে । এই চাৰিটাই এতিয়া হৈ পৰিছে জীৱনৰ প্ৰধান লক্ষ্য । কিন্তু এই আটাইকেইটা আমাৰ বাহ্যিক জীৱন প্ৰবাহ বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়- আমাৰ বাহ্যিক জীৱন প্ৰবাহ আৰু আন্তঃ জীৱন প্ৰবাহৰ মাজত সন্তোলন থাকিব লাগিব- নহ’লে জীৱনত ‘দূৰ্ঘটনা’  সংঘটিত হোৱাৰ আশংকা থাকে । বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই কয়- জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে ব্যক্তিত্বৰ পৰিপূৰ্ণতাৰ প্ৰাসংগিকতা আছে । ছটা গুণৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় এই গুণকেইটাক সাধনা আৰু অনুশীলন কৰিলে আমি জীৱনত সুখী বা সফলেই নহয়- আমি নিজকে মহৎ হিচাপে গঢ়ি তুলিব পাৰো। তেওঁ কয় -আমাক সাহস, উদাৰতা, সততা, অধ্যৱসায়, প্ৰগতি আৰু কৃতজ্ঞতাবোধৰ প্ৰয়োজন । এইকেইটা গুণৰ অনুশীলনে এজন মানুহক মহৎ লোক হিচাপে গঢ়ি তুলিব পাৰে। তাৰ লগতে শ্ৰদ্ধা আৰু ভক্তি বিকশিত কৰিব পাৰিব লাগিব। ইফালে, জীৱনত সফলতা লাভ কৰিবলৈ হ’লে তিনিটা গুৰুত্বপূৰ্ণ কথাত গুৰুত্ব দিবলৈ আহ্বান জনায় তেওঁ কয়-  মহান আদৰ্শৰ বাবে অন্ততঃ চেষ্টা কৰিব লাগিব । চেষ্টা কৰাটোৱেই হ’ল নিজৰ জীৱনক সামৰ্থৱান কৰি তোলা । আনহাতে, চেষ্টা কৰিও ব্যৰ্থ হোৱাটো চেষ্টা নকৰাতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ আৰু চেষ্টা কৰি কিঞ্চিত সফলতা লাভ কৰিলেও সেয়া আমাৰ মহাজীৱনৰ বুনিয়াদ গঢ়াত সহায়ক হ’ব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সেয়েহে তেওঁ যিকোনো কামৰ বাবে চেষ্টা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় । চিন্তাবিদজনে লগতে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই কয় প্ৰথম হোৱাতকৈ উত্তম হ’বলৈহে সকলোৱে চেষ্টা কৰিব লাগিব । প্ৰসংগক্ৰমে তেওঁ বৰ্তমানৰ যুগ প্ৰতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি কয়- বৰ্তমান যুগ যদিও প্ৰতিযোগিতাৰ যুগ কিন্তু ভৱিষ্যৰ যুগ প্ৰতিযোগিতাৰ যুগ হৈ নাথাকে। ভৱিষ্যতৰ যুগ সহযোগিতাৰ যুগ হ’ব বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বক্তব্যৰ অন্তত তেওঁ বিভিন্ন প্ৰশ্নৰ উত্তৰো প্ৰদান কৰে । ইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ৰিম্পী লাহনে আঁ‌ত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেন গোৱালাই। দিগন্ত বিশ্ব শৰ্মাৰ বিষয়ে উল্লেখ কৰে অসমীয়া বিভাগৰ অধ্যাপিকা ড° গীতাশ্ৰী ফুকনে। অসমীয়া বিভাগৰ মুৰব্বী ড° মানৱী গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোতে বিভাগটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । বিশেষ বক্তৃতানুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ লাচিত গগৈ প্ৰমুখ্যে অধ্যাপক- অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like