নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেগিং কাণ্ডঃ চাৰিদিনে ক’ত হেৰাল ৰাহুল চেত্ৰী?

জাগুন আৰক্ষীক দিয়া গোচৰৰ তদন্ত আজিও নহল কিয়?

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ অন্যতম মূল কাণ্ডাৰী ৰাহুল চেত্ৰী কত হেৰাল ? যোৱা চাৰিদিন ধৰি আৰক্ষী বা চোৰাংচোৱাই কোনো সম্ভেদ উলিয়াব নোৱাৰাত হতভম্ব হৈ পৰিছে ৰেগিংৰ বলি হৈ ঘূণীয়া হোৱা আনন্দ শৰ্মাৰ পৰিয়াল।আজিও কোনো সম্ভেদ বা কোনো তথ্যই লাভ কৰা নাই আৰক্ষীয়ে।যদিও অভিযান তীব্ৰতৰ কৰি তুলিছে।একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা ছাত্ৰ মুক্তি সংগ্ৰামৰ ৰাজ্যিক যুটীয়া সম্পাদক হৈ এনে ঘৃণনীয় তথা জঘন্য কাণ্ডত জৰিত হৈ পৰাত স্বাভাৱিকতেই সকলোৰে চকু কপালত তুলিছে।ৰাহুলৰ ঘৰত অভিযান চলাই নোপোৱাত ৰাহুলৰ বিদেশত কাম কৰা ভাতৃক সোধ-পোচৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে যদিও ৰাহুলৰ কোনো উৱাদিহ নোপোৱাতো সঁচাকৈয়ে আৰক্ষীৰ বাবেও পৰিতাপৰ কথা।ইফালে টাই আহোম যুৱ পৰিষদৰ জাগুন শাখাই দিয়া অভিযোগ অনুসৰি ৰাহুল চেত্ৰীৰ নেতৃত্বত এদল প্ৰতিবাদকাৰীয়ে নিপম জ্যোতি গগৈক জাগুনৰ বজাৰত ১৩ জুলাইৰ নিশা প্ৰায় ৮ বজাত গুৰুলা-গুৰুলকৈ মাৰপিট কৰিছিল।সেই সন্দৰ্ভত জাগুন আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত চাৰ্জচিট দাখিল কৰা বুলিও জানিব পৰা গৈছে।

আনহাতে এই ৰাহুল চেত্ৰীৰ সম্পাদকৰ কাৰ্যকালত বিশ্ববিদ্যালয়ৰ চৌহদ বিভিন্ন প্ৰতিবাদৰে কঁপাই তুলিছিল।নেতৃত্ব দিছিল অগণন ছাত্ৰ-ছাত্ৰীক।অন্যায়ৰ সকে সততে মাত মাতি অহা ৰাহুল চেত্ৰী আজি নিজেই অপৰাধীৰ বেশত আত্মগোপন কৰিব লগা হৈছে।এই ৰাহুল চেত্ৰীয়ে,বিশ্ববিদ্যালয়ৰ পৰা ওলাই গল যদিও ৰাজনীতিৰ পাশাত বন্দী হৈ এতিয়াও বাহুবল প্ৰয়োগ কৰি কনিষ্ঠ ছাত্ৰক ৮০ টাৰ অধিক চৰ মৰা কাৰ্যত সকলো সতবাক।আনন্দ শৰ্মাৰ অভিযোগ মতে ৰাহুল চেত্ৰীয়ে লৈছিল ৰেগিংৰ নেতৃত্ব।তেনেহলে বিশ্ববিদ্যালয় ত্যাগ কৰা ৰাহুলে, কেনেকৈ হোষ্টেলত ৱাৰ্ডেনৰ অনুমতি নোহোৱাকৈ বাহৰ পাতিব পাৰিলে?হোষ্টেলত ৱাৰ্ডেন,প্ৰিফেক্ট বা অধীক্ষকে মাহে কিমান বাৰকৈ পৰিদৰ্শন কৰিছিল?কেতিয়াবা আকস্মিক পৰিদৰ্শন কৰিছিল নে? কোনো অতিথি হোষ্টেলত প্ৰৱেশ কৰিলে পঞ্জীয়ন বুকত লিপিবদ্ধ কৰা হয় নে?হোষ্টেলত চিচি টিভিৰ প্ৰয়োজন নাছিল নেকি?ইত্যাদি ইত্যাদি হাজাৰ প্ৰশ্নৰ অৱতাৰণা হৈছে।এইবিলাক প্ৰশ্ন তদন্তৰ আওঁতালৈ আহিলে আৰু বহু বিয়াগোম কেলেংকাৰি পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলিও সচেতন মহলে দাবী কৰে।

ইফালে নৱ নিৰ্বাচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ নামো ৰেগিং কাণ্ডৰ সৈতে জৰিত হৈ পৰিছে।চিকিৎসাধীণ হৈ থকা আনন্দ শৰ্মাৰ বায়েকে অভিযোগ কৰি কয় যে যিগৰাকী সাধাৰণ সম্পাদকক নিৰ্বাচনত জিকাবলৈ দিনে-নিশাই ভাইটিয়ে কষ্ট কৰিলে,সেই গৰাকীয়েই আনন্দৰ পৰা মবাইলটো কাঢ়ি লৈ সমগ্ৰ ৰেগিং উপভোগ কৰিছিল।আনন্দৰ লগতে যিকেইগৰাকী ছাত্ৰক ৰেগিং কৰিছিল,সেই সকলেও যাতে ন্যায় পায় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বায়েকে দাবী জনায়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like