নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি আদিত্য নাৰ্চিং হোমত হ’ব আনন্দ শৰ্মাৰ বহু ঘন্টা ধৰি অস্ত্ৰোপচাৰ

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: আজি পুৱা ১০ বজাৰ পৰা কেইবাঘণ্টা জোৰা এক জটিল অস্ত্ৰোপচাৰ হ’ব আনন্দ শৰ্মাৰ। আদিত্য নাৰ্চিং হোমত ড০ পান্নালালৰ নেতৃত্বত হব এই জটিল অস্ত্ৰোপচাৰ।

চিকিৎসকে ইতিমধ্যে আনন্দ শৰ্মাৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি জনাই ৰাজহাঁড়ৰ কেইবাস্থানতো ভাগি যোৱা বুলি উল্লেখ কৰি তাৎক্ষণিক অস্ত্ৰোপচাৰ নকৰিলে পৰিস্থিতি অধিক জটিল হ’ব বুলি সদৰী কৰিছে। আনহাতে এনে সময়ত এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে বাহিৰলৈ নিয়াৰ ক্ষেত্ৰত বহু অসুবিধা তথা লৰচৰ কৰিলে জীৱনলৈ পেৰলাইচিছ হোৱাৰ সম্ভাৱনা অধিক বুলিও কয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা স্বাস্থ্য জনিত কাৰণত গুৱাহাটীত থকা অৱস্থাৰ পৰা বুধবাৰে পোনে পোনে চিকিৎসালয়ত উপস্থিত হৈ আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ প্ৰয়োজন সাপেক্ষে সকলো চিকিৎসা কৰাবলৈ প্ৰস্তুত বুলি কৈ এয়াৰ এম্বুলেঞ্চ জৰিয়তে বাহিৰলৈ নিয়াৰ বাবেও প্ৰস্তুত বুলি কয়। প্ৰয়োজনত আনন্দক সুস্থ কৰি তুলিবলৈ নিজৰ ব্যক্তিগত পুঁজি দিয়াৰ কথাও সদৰী কৰে। আনহাতে এই ভয়ংকৰ ৰেগিং ঘটনাৰে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ তিনিজন ৱাৰ্ডেন ক্ৰমে দিব্যজ্যোতি দত্ত, পলাশ দত্ত, আবু মুস্তাক হুছেইনক কাৰ্যকালৰ পৰা অব্যাহতি দিয়াৰ কথা উল্লেখ কৰে। উপাচাৰ্য ড° জিতেন হাজৰিকাই বুধবাৰে গুৱাহাটীৰ পৰা পোনে পোনে আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱা লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতে মতবিনিময় কৰি পৰিয়ালৰ ভাষ্য অনুসৰি ডিব্ৰুগড়তে অস্ত্ৰোপচাৰ কৰা হব বুলি জানিবলৈ দিয়ে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like