নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ অনুষ্ঠানত প্রথম শাৰীত বহিব শ্রমিক–ৰিক্সাচালক

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: ৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপন পর্ব চলিব ৭ দিন ধৰি৷   প্রতিৰক্ষা মন্ত্রালয়ৰ পৰা জনোৱা হৈছে যে ২৩ জানুৱাৰীত আৰম্ভ হ’বলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠান আগন্তক ৩০ জানুৱাৰী পর্যন্ত চলিব৷ নেতাজীৰ জন্মদিনত আৰম্ভ হ’বলগীয়া গণৰাজ্য দিৱস অনুষ্ঠান অন্ত পৰিব মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনা৷ লক্ষণীয়ভাৱে গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাজধানী দিল্লীৰ কর্তব্য পথত একেবাৰে প্রথম শাৰীত বহাৰ সুযোগ লাভ কৰিব ৰিক্সাচালক, শাক–পাচলি বিক্রেতা আৰু নির্মাণ শ্রমিকসকলে৷ ভিআইপিৰ আসনৰ সংখ্যা হ্রাস কৰা হৈছে এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত৷

You might also like