নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নিৰ্বাচনৰ ভোটদানৰ দিনকেইটা মজুৰিযুক্ত বন্ধ ঘোষণা

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ অসমত ভোটদানৰ দিনকেইটাত দৰমহা কৰ্তন কৰিব নোৱাৰিব। অসম বিধানসভাৰ অনাগত সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনকেইটা ক্ৰমে- ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত কৰ্মচাৰীসকলক মজুৰিযুক্ত বন্ধৰ দিন ঘোষণা কৰিছে। মূলত কৰ্মচাৰীসকলৰ ভোটদানৰ সুবিধাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে প্ৰশাসনে।

সেইমৰ্মে সকলো কাৰখানা, বাগিচা (চাহ বাগিচাকে ধৰি), দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান, ৰাজহুৱা মনোৰঞ্জনৰ স্থান, ঠিকাদাৰৰ প্ৰতিষ্ঠান, ফাৰ্মজাতীয় সকলো উদ্যোগ/ কৰ্মশালা আৰু বেংকসমূহত প্ৰযোজ্য হ’ব এই নিয়ম।

You might also like