নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজদ্বীপৰ ‘বিৰিখৰ বিৰিণা’ৰে ৰাজমুকুটৰ চমকঃ ব্যাপক সঁহাৰিৰে ভ্রাম্যমাণৰ মৌলিক নাটকৰ জয়যাত্রা

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: অসম আৰু অসমীয়াৰ স্বাভিমান ভ্রাম্যমাণ থিয়েটাৰৰ বাহিৰে–ভিতৰে এতিয়া এখন নাটকক লৈ ব্যাপক চর্চা চলিছে৷ চলিত নাট্যবর্ষত ভ্রাম্যমাণ থিয়েটাৰক বিভিন্ন পক্ষই ব্যক্ত কৰা আশংকাক মষিমূৰ কৰি এই নাটকখনে লাভ কৰিছে অভূতপূর্ব  সফলতা৷ দর্শকৰ ব্যাপক সঁহাৰিৰে চর্চাৰ কেন্দ্রবিন্দু হৈ পৰা এই নাটখন হ’ল ৰাজমুকুট থিয়েটাৰৰ নাট ‘বিৰিখৰ বিৰিণা’৷ যুৱ নাট্যকাৰ, পৰিচালক, গীতিকাৰ ৰাজদ্বীপে ৰচনা কৰা ‘বিৰিখৰ বিৰিণা’ই চলিত নাট্যবর্ষত লাভ কৰিছে সফলতা৷ যোৱা ১৮ আগষ্টত পাঠশালাত নাটখনৰ প্রথমটো দর্শনী হৈছিল৷ সেইদিনাই নাটখনক লৈ ব্যাপক চর্চা শুনিবলৈ পোৱা গৈছিল পাঠশালাৰ নাট্যপ্রেমীৰ মাজত৷ ছ’চিয়েল মিডিয়া উপচি পৰিছিল ‘বিৰিখৰ বিৰিণা’ৰ প্রশংসাৰে৷ এয়াই আছিল ‘বিৰিখৰ বিৰিণা’ৰ অনন্য যাত্রাৰ আৰম্ভণি৷

ইতিমধ্যে নামনি অসমৰ ভিন্ন প্রান্তত নাটখনৰ বহু দর্শনী সম্পন্ন হৈছে আৰু প্রতিটো স্থানতে দর্শকৰ লানি নিছিগা শাৰীয়ে প্রমাণ কৰিছে ৰাজমুকুট থিয়েটাৰৰ এইবর্ষৰ বহুচর্চিত নাট ‘বিৰিখৰ বিৰিণা’ৰ সাফল্যৰ যাত্রা৷ পাঠশালাত মাত্র ৩ দিনতে ১০টাকৈ দর্শনী হোৱা নাটখনে ভিন্ন স্থানত একেটা পেণ্ডেলতে ৩টাকৈ দর্শনী মঞ্চস্থ কৰি দর্শকৰ বিপুল দাবীক আশিস হিচাপে লৈছে৷

উল্লেখ্য যে নাটখনৰ গীতসমূহেও ইতিমধ্যে ব্যাপক জনপ্রিয়তা লাভ কৰিছে৷ অসমৰ সুসন্তান তথা বলীউডত প্রতিষ্ঠিত শিল্পী অংগৰাগ পাপন মহন্তৰ কণ্ঠত ‘বিৰিখৰ বিৰিণা’ৰ শীর্ষক গীতটো ইতিমধ্যে শ্রোতা–দর্শকৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে৷ ইউটিউবত গীতটো পাঁচ লাখতকৈ অধিক দর্শকে উপভোগ কৰিছে৷ একেদৰে নীল আকাশৰ কণ্ঠত ‘তোমাৰেনো ভালপোৱাই’, দীক্ষুৰ কণ্ঠত ‘তোমালে ৰৈ ৰৈ’, ৰাকেশৰ ৰিয়ানৰ কণ্ঠত ‘যাদুকৰী’ গীতকেইটায়ো লাভ কৰিছে ব্যাপক জনপ্রিয়তা৷ এই গীতকেইটাৰ ৰচনা তথা সংগীত পৰিচালনাও নাট্যকাৰ ৰাজদ্বীপৰ৷ বলিষ্ঠ কাহিনী তথা মৌলিক চিন্তাৰে সমৃদ্ধ নাটখনৰ অন্যতম শক্তিশালী দিশ হৈছে আকর্ষণীয় অভিনয়৷ নাটখনৰ মুখ্য চৰিত্রত জনপ্রিয় তাৰকা উৎপল দাসৰ অভিনয়ে লাভ কৰিছে ব্যাপক প্রশংসা৷

আনহাতে বিৰিণাৰ চৰিত্রত দেৱাশী গগৈৰ অভিনয় তথা নৃত্যশৈলীয়ে লাভ কৰিছে দর্শকৰ সমাদৰ৷ একেদৰে ভাস্কৰ বর্মন, সুৰবী কটকী, শংকৰজ্যোতি ৰাজখোৱা, পঞ্চী বৰা আদিৰ মন পৰশা অভিনয়ে নাটখনক সর্বাংগসুন্দৰ কৰি তুলিছে৷ নাটখনৰ পৰিচালনা ৰাজেশ ভূঞাৰ৷ আৱহ সংগীত পলাশ সূর্য গগৈৰ৷ উল্লেখ্য যে অহা ২২, ২৩ আৰু ২৪ অক্টোবৰত ‘বিৰিখৰ বিৰিণা’ নাটখন মঞ্চস্থ কৰা হ’ব গুৱাহাটীৰ গণেশগুৰিত৷

You might also like