নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত চাৰিদিনীয়া বর্ণাঢ্য কার্যসূচীৰে ভাৰত মাতা পূজন

নিয়মীয়া বাৰ্তা, ২অক্টোবৰ: ভাৰতীয় চহকী সভ্যতা সংস্কৃতিক নৱপ্রজন্ম তথা ৰাইজৰ আগত আগবঢ়াই দিয়াৰ উদ্যেশ্যেৰে প্রজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত প্রতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ চান্দমাৰি খেলপথাৰত ১ অক্টোৱৰৰ পৰা ৪ অক্টোবৰলৈ ভাৰত মাতা পূজন অনুস্থিত হৈছে৷ শনিবাৰে প্রথম দিনটোত এহেজাৰ মানুহে হাতত বন্তি লৈ অখণ্ড ভাৰতৰ আকৃতিৰ পৰিক্রমা কৰে৷ গুৱাহাটীৰ বিভিন্ন ঠাহৰ ছাফাই কর্মীসকলৰ পৰিয়ালৰ যুৱক–যুৱতীয়ে প্রদর্শন কৰা বন্দে মাতৰম নৃত্য আছিল মুখ্য আকর্ষণ৷ বিশিষ্ট চিকিৎসক, সমাজসেৱক তথা আৰএছএছৰ অসম প্রান্তৰ সংঘচালক ডাঃ ডমেশ চক্রৱর্তীয়ে ভাৰতবর্ষৰ সোণালী ঐতিহ্যৰ ওপৰত বক্তৱ্য ৰাখে৷ ইয়াৰ পিছতে বিশিষ্ট বাহীবাদক দীপক শর্মাৰ অনুস্থানৰ লগতে অন্যান্য সাংকৃতিক অনুস্থান পৰিবেশন কৰে অসমৰ বিভিন্ন থলুৱা লোক শিল্পীয়ে৷ অনাগত ২, ৩, ৪ তাৰিখেও বাৰেবৰণীয়া সাংস্কৃতিক অনুস্থানৰ লগতে বিভিন্ন থলুৱা লোক শিল্পীৰ দ্বাৰা অনুস্থান পৰিশেন কৰা হ’ব৷ সমুহ ৰাহজে অন্য এক বিশেষ অনুস্থান উপভোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷

You might also like