নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়া জুনিয়ৰ গাৰ্ল্ছ এণ্ড ইয়ুথ ৱ’মেনছ অপেন বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক কংকনা শইকীয়াৰ

  • বৰহোলা বক্সিং সন্থাৰ সাফল্য
  • ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে কংকনা শইকীয়াই
  • খেলো ইণ্ডিয়া জুনিয়ৰ গাৰ্ল্ছ এণ্ড ইয়ুথ ৱ’মেনছ অপেন বক্সিং চেম্পিয়নশ্বিপ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : গুৱাহাটীত অলপতে অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া জুনিয়ৰ গাল্ছ এণ্ড ইয়ুথ ৱ’মেনছ অপেন বক্সিং চেম্পিয়নশ্বিপত বৰহোলা বক্সিং সন্থাৰ খেলুৱৈ কংকনা শইকীয়াই অংশগ্ৰহণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বৰহোলাৰ দেৱাশীষ বৰুৱাৰ তত্বাৱধানত বক্সিং প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কংকনা শইকীয়াৰ এই সাফল্যই অঞ্চলটোৰ লগতে বৰহোলা বক্সিং সন্থালৈ গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাট জিলাৰ শালিকীহাত ন-পমুৱা গাঁৱৰ ডিম্বেশ্বৰ শইকীয়া আৰু পূৰ্ণিমা শইকীয়াৰ কন্যা কংকনা শইকীয়া আঠখেলীয়া জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী। কংকনাৰ এই সাফল্যৰ বাবে বৰহোলা মহাবিদ্যালয় অধ্যাপক তথা যুৱকৰ্মী অমল সোণোৱাল, চুতীয়া জাতি যুৱ সন্মিলনত কেন্দ্ৰীয় সমিতিৰ সম্পাদক যদুমনি চুতীয়া, তিতাবৰ জিলা চুতীয়া জাতি যুৱ সন্মিলনৰ সভাপতি প্ৰাঞ্জল হাজৰিকা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সভাপতি বিজয় হাজৰিকা, মাধপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা ফুকন, যুৱকৰ্মী প্ৰবীণ কুৰ্মী, বিজয় বৰা, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া আদিৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে।

You might also like