নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগ দিবলৈ ঠেং দাঙি আছে ভূপেন বৰাই : মন্ত্ৰী জয়ন্ত মল্ল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ লণ্ডন আমেৰিকাত থকা ৰান্ধনি, ড্ৰাইভাৰে ইংৰাজী কয়। এইদৰে গৌৰৱ গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ক এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে তেওঁ কয় যে বিজেপিত যোগদান কৰিবলৈ ঠেং দাঙি আছে প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাই। অখিল গগৈ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ মত- শকুনিৰ ভাও লৈ দুই গগৈক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ অখিল গগৈৰ। অখিল গগৈ অমংগলীয়া। অখিল গগৈ যি নিৰ্বাচনত লাগিছে তেওঁ তাতে হাৰিছে। কেৱল জেলত থকাৰ বাবে অখিল গগৈ জয়ী হৈছিল। ইতিমধ্যে যোৰহাটত কংগ্ৰেছ হাৰিব বুলি মানি লৈছে। বংশবাদৰ বাবে কংগ্ৰেছৰ আজি এই অৱস্থা। গৌৰৱ গগৈয়ে পেৰাচুটেৰে আৰম্ভ কৰিছে ৰাজনীতি। নীলা তেজৰ প্ৰভাৱৰ বাবে কংগ্ৰেছৰ এই অৱস্থা। নীলা তেজ থকাসকল কংগ্ৰেছত থাকিব। ইফালে সদ্যপদত্যাগী নাওবৈচাৰ বিধায়ক ভৰত নৰহ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ মন্তব্য, ভৰত নৰহৰ লগত এতিয়ালৈ আমাৰ যোগাযোগ হোৱা নাই। আমাৰ দললৈ আহিলে দলে সিদ্ধান্ত লব।

You might also like