নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নির্বাচনত অৱতীর্ণ নহয় কংগ্রেছ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অহা চাৰি অক্টোবৰত হ’বলগীয়া ৰাজ্যসভাৰ নির্বাচনত অৱতীর্ণ নহয় কংগ্রেছ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পূর্বে প্রতিনিধিত্ব কৰা ৰাজ্যসভাৰ আসনখনৰ বাবে হ’বলগীয়া নির্বাচনত কংগ্রেছে প্রতিদ্বন্দ্বিতা নকৰাৰ বিষয়ে জানিবলৈ দি প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই কয় যে ৰাজ্যসভাৰ এখন আসনৰ বাবে হ’বলগীয়া নির্বাচনত যিহেতু কংগ্রেছৰ জয়লাভ কৰাৰ কোনো সম্ভাৱনা নাই, সেয়ে কংগ্রেছ বিধায়িনী দলৰ বৈঠকে ইতিমধ্যে প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই বিষয়ে বিধায়িনী দলৰ তৰফৰ পৰা দলক অৱগত কৰিব৷

You might also like