নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য অকাডেমিৰ সন্মানীয় অনুবাদ বঁটা দিগন্ত বিশ্ব শর্মালৈ

বড়ো ভাষাত ড০ কামেশ্বৰ ব্রহ্মক সাহিত্য অকাডেমিৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অসমীয়া–বড়ো সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০২০ চনৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হ’ল বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শর্মা আৰু ড০ কামেশ্বৰ ব্রহ্ম৷

‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীর্ষক অসমীয়া ভাষাত অনূদিত গ্রন্থখনৰ বাবে এই সন্মান অর্জন কৰিলে বিশিষ্ট লেখকগৰাকীয়ে৷ শ্রীৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেছাঁ ইন ইণ্ডিয়া এণ্ড আদাৰ এছেজ অৱ ইণ্ডিয়ান কালচাৰ’ শীর্ষক গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল দিগন্ত বিশ্ব শর্মাই৷

শনিবাৰে সাহিত্য অকাডেমিৰ তৰফৰ পৰা বঁটা ঘোষণাৰ পাছতেই নিজৰ অনুভৱ প্রকাশ কৰি লেখকগৰাকীয়ে কয়– মই আনন্দিত হৈছোঁ, আহ্লাদিত হৈছোঁ৷ এই বঁটা লাভৰ আনন্দৰ কাৰণ হ’ল– মই ভাৰত মাতাৰ প্রতি প্রেম লৈ জন্ম হৈছিলোঁ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জন্মজয়ন্তী উদ্যাপনৰ সময়ত ভাৰতীয় সংস্কৃতিৰ ওপৰত প্রস্তুত কৰা গ্রন্থখনৰ বাবে পুৰস্কাৰ লাভ কৰাটো সঁচাকৈয়ে আনন্দিত হোৱাৰ খবৰ৷ এক দশক পূর্বৰে পৰাই মই স্বামী বিবেকানন্দ, পৰমহংস, মহাঋষি অৰবিন্দৰ আদর্শই মোৰ জীৱনত প্রভাৱ পেলাই আহিছে৷ মই যি ব্রত লৈ এই পথত আগবঢ়িছিলোঁ, সেই পথ যে শুদ্ধ আছিল সেয়া মই অনুমান কৰিছোঁ৷ মহাঋষি অৰবিন্দই মোক কৃপাধন্য কৰিছে৷ দ্বিতীয়তে মোৰ মাৰ নিৰৱচ্ছিন্ন আশীর্বাদ অবিহনে মোৰ এই কাম কৰা সম্ভৱ নহ’লহেঁতেন৷ মোৰ বাবাই ২০১০ চনত শৰীৰ ত্যাগ কৰাৰ পাছত অজান মূলকৰ পৰা নিৰৱচ্ছিন্নভাৱে মোক যি আশীর্বাদ কৰি আছে, সেই আশীর্বাদ তথা মাৰ স্নেহাশিস অবিহনে এই কাম সম্ভৱ নহ’লহেঁতেন৷ মোক সবাতোকৈ আনন্দিত কৰিছে তিনিটা কথাত৷ মই বঁটা লাভ কৰা কিতাপখনৰ প্রণেতা হ’ল– মহাঋষি অৰবিন্দ, কিতাপখনৰ বিষয় হৈছে– ভাৰতীয় সংস্কৃতি আৰু এতিয়া ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক জন্মজয়ন্তী চলি আছে, সমান্তৰালভাৱে মহাযোগী অৰবিন্দৰ ডেৰশ বৰছীয়া জন্মজয়ন্তী চলি আছে৷ এই বিষয়কেইটাৰ লগত সাঙোৰ খাই আছে মোৰ এই বঁটা৷ সেয়েহে মই ভাৰত মাতা, মহাযোগী অৰবিন্দ আৰু মোৰ মা–বাবাৰ আশীর্বাদৰ জৰিয়তে এই বঁটা লাভ কৰা বুলি অনুভৱ কৰিছোঁ৷ এই সুযোগতে মই সাহিত্য অকাডেমি আৰু মোৰ পত্নী গীতামণি গোস্বামী শর্মাক অশেষ ধন্যবাদ জনাইছোঁ৷ কিয়নো যোৱা দুই দশক নানা দুর্যোগৰ মাজতো মোৰ পত্নীয়ে মোক সহায়–সহযোগ আগ নবঢ়ালেহেঁতেন, তেন্তে এই বঁটা সম্ভৱ নহ’লহেঁতেন৷ মোৰ ভাতৃসকল, আত্মীয়সকলৰ শুভেচ্ছা আৰু সহায়ৰ বাবেও ধন্যবাদ জনাইছোঁ৷

ইফালে বড়ো ভাষাৰ বাবে ২০২০ বর্ষৰ অনুবাদ সাহিত্য অকাডেমি বঁটাৰে এইবাৰ সন্মানিত হ’ল বড়ো সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ড০ কামেশ্বৰ ব্রহ্ম৷ ২০০৮ চনৰ পৰা কেইবাটাও কার্যকাল বড়ো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা ড০ কামেশ্বৰ ব্রহ্মৰ ‘গিবি ভাৰত নি জাৰিমিন’ নামৰ অনূদিত গ্রন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে৷ আজি বঁটা লাভৰ পাছতে নিজৰ অনুভৱ ব্যক্ত কৰি ড০ কামেশ্বৰ ব্রহ্মই কয় যে হাইস্কুলত পঢ়ি থকা সময়ৰে পৰা লিখা–মেলাৰ প্রতি যথেষ্ট আগ্রহী আছিলোঁ৷ বিভিন্ন লেখকৰ লেখাও মই পঢ়ি ভাল পাইছিলোঁ৷ বিশেষকৈ মোৰ শিক্ষাগুৰু প্রয়াত মোহিনী মোহন ব্রহ্মৰ লেখাও মই পঢ়ি অনুপ্রেৰণা লাভ কৰিছিলোঁ৷ সাহিত্য অকাডেমি বঁটা লাভ কৰাত আজি মই আনন্দিত৷ পলমকৈ হ’লেও সাহিত্য অকাডেমি বঁটা প্রদানে মোক উৎসাহিত কৰিছে৷ সাহিত্যৰ ক্ষেত্রখনত অদূৰ ভৱিষ্যতে কাম কৰি যোৱাৰ ক্ষেত্রত এই বঁটাই মোক যথেষ্ট উৎসাহ যোগাব৷

You might also like