নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চণ্ডীগড়ত ৰঙালী বিহু-উত্তৰ পূব মহোৎসৱ উদযাপন

বিশেষ বাৰ্তা, ২১ এপ্ৰিল : বৰেণ্য ক্ৰিকেট খেলুৱৈ কপিল দেৱ, যুৱৰাজ সিং, বিশিষ্ট অভিনেতা আয়ুস্মান খুৰানাই অধ্যয়ন কৰা বহিঃৰাজ্য চণ্ডীগড়স্থিত ডি এ ভি মহাবিদ্যালয়ত অনুষ্ঠিত হয় উত্তৰ-পূব মহোৎসৱ। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি আৰু হস্তশিল্পকে ধৰি সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটোৱা হয়। অনুষ্ঠানটোত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্য, নৃত্য, সংগীত, স্থানীয় ৰন্ধন প্ৰণালী, গহনা প্ৰদৰ্শিত হয় ৷ মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ উদ্যোগত আয়োজিত মহোৎসৱত অধ্যক্ষ ৰীতা জৈনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰিবলৈ অহা ছাত্র-ছাত্ৰীসকলৰ আগত উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য-সংস্কৃতিৰ বিষয়ে আলোকপাত কৰে। মহাবিদ্যালয়খনৰ অধ্যাপক বিবেক ভূঞাই সংবাদ মাধ্যমত অসমবাসী ৰাইজক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰি কয় যে চণ্ডীগড়ৰ ডি এ ভি মহাবিদ্যালয়ত ৰঙালী বিহুৰ লগত সংগতি ৰাখি উত্তৰ-পূবৰ লোকনৃত্য প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ আন এক উদ্দেশ্য হৈছে যে পঞ্জাব বা হাৰিয়ানা তথা বহিঃৰাজ্যৰ লোকসকলক উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ সম্যক জ্ঞান দিয়া ৷ গতিকে ৰঙালী বিহু উদযাপনৰ লগতে উত্তৰ-পূবৰ লোকনৃত্যসমূহ প্ৰদৰ্শন কৰি বহিঃৰাজ্যৰ লোকসকলক আমাৰ চহকী সংস্কৃতিৰ বিষয়ে অৱগত কৰাটোও এটা মূল উদ্দেশ্য। উক্ত অনুষ্ঠানটোৰ আন এক আকৰ্ষণ হৈছে যে পঞ্জাব, হাৰিয়ানা, লাডাখৰ সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিহুনৃত্যৰ লগতে উত্তৰ-পূবৰ লোকনৃত্য প্ৰদৰ্শন কৰে বুলি জনায় অধ্যাপকগৰাকীয়ে ৷ অধ্যাপক বিবেক ভূঞাই লগতে জনায় যে প্ৰতি বছৰে চণ্ডীগড়ৰ ডি এ ভি মহাবিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ১০০ৰো অধিক ছাত্র-ছাত্রীয়ে উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰি আহিছে। উক্ত মহাবিদ্যালয়খনত বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ ২০০ ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত হৈ আছে ।শিক্ষাৰ্থীসকলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি স্বচক্ষে উপভোগ কৰিব পোৱাটো এক আকৰ্ষণীয় অভিজ্ঞতা আছিল বুলি কৈ উত্তৰ-পূব মহোৎসৱত কেইবাগৰাকী শিক্ষকৰ লগতে পাঁচ শতাধিক শিক্ষাৰ্থী উপস্থিত আছিল বুলি সংবাদ মাধ্যমত জনায় সহকাৰী অধ্যাপকগৰাকীয়ে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like