নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ পাৱাৰপ্লে’ত ৰানৰ বৰষুণ

🔹 বিধ্বংসী ছানৰাইজার্ছৰ হাতত পৰাস্ত দিল্লী

বিশেষ বাৰ্তা, ২১ এপ্রিল : ইটোৰ পিছত সিটো অভিলেখ গঢ়া ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলত কালি আন এক অভিলেখ গঢ়ে৷ প্রথম পাঁচ অভাৰত ১০০ৰো অধিক ৰান কৰা ছানৰাইজার্ছে পাৱাৰপ্লে’ত সর্বাধিক ৰান কৰাৰ অভিলেখ গঢ়িলে৷ নতুন দিল্লীত দিল্লী কেপিটেলছৰে খেলা মেচখনত ছানৰাইজার্ছে পাৱাৰপ্লে’ত কোনো উইকেট নেহেৰুৱাকৈ ১২৫ ৰান সংগ্রহ কৰে আৰু ২০১৭ চনত কলকাতা নাইট ৰাইডার্ছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিপক্ষে পাৱাৰপ্লে’ত কোনো উইকেট নেহেৰুৱাকৈ কৰা সর্বাধিক ১০৫ৰানৰ অভিলেখটো ভংগ কৰে৷ মন কৰিবলগীয়া যে আইপিএলৰ লগতে টি–২০ ক্রিকেটতো পাৱাৰপ্লে’ত এয়া হ’ল সর্বাধিক ৰান৷ ইনিংছ মুকলি কৰিবলৈ আহি ট্রেভিছ হেড আৰু অভিষেক শর্মাই মাৰমুখী বেটিঙেৰে ৫ অভাৰতে ১০০ ৰানৰ সীমা অতিক্রম কৰি বিশ্ব ৰেকর্ড স্থাপন কৰে৷ প্রথমে বেটিং কৰিবলৈ আহি ট্রেভিছ হেডৰ বিস্ফোৰক ৮৯, অভিষেক শর্মাৰ বিধ্বংসী ৪৬ আৰু শ্বাহবাজ আহমেদৰ অপৰাজিত অর্ধশতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৬৬ ৰান সংগ্রহ কৰে৷ চলিত আইপিএলত এয়া হ’ল চতুর্থ সর্বাধিক ৰান৷ মন কৰিবলগীয়া যে চলিত আইপিএলত আৰচিবিৰ বিপক্ষে তিনি উইকেটত ২৮৭ আৰু মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে তিনি উইকেটত ২৭৭ ৰান কৰি সর্বাধিক ৰান কৰাৰ অভিলেখটো আছে ছানৰাইজার্ছৰ নামত৷ ইনিংছ মুকলি কৰি ট্রেভিছ আৰু অভিষেকে ৬.২ অভাৰত ১৩১ ৰান সংগ্রহ কৰি দলটোক বিস্ফোৰক আৰম্ভণি দিয়ে৷ ট্রেভিছে ৩২টা বলত ১১টা চাৰি আৰু ৬টা ছয়েৰে ৮৯ ৰান কৰাৰ লগতে অভিষেকে মাত্র ১২টা বলত ২টা চাৰি আৰু ৬টা ছয়েৰে ৪৬ ৰান কৰে৷ মার্কৰাম (১) আৰু ক্লাছেন (১৫) ব্যর্থ হয় যদিও নীতিশ কুমাৰ ৰেড্ডী আৰু শ্বাহবাজ আহমেদে চমকপ্রদ প্রদর্শন দাঙি ধৰে৷ নীতিশে ২৭টা বলত ৩৭ আৰু শ্বাহবাজে ২৯টা বলত ২টা চাৰি আৰু ৫টা ছয়েৰে ৫৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ দিল্লীৰ হৈ কুলদীপ যাদৱে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷ ছানৰাইজার্ছ হায়দৰাবাদে মেচখনত দিল্লী কেপিটেলছক ৬৭ ৰানত পৰাস্ত কৰে আৰু পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়৷ ছানৰাইজার্ছে এতিয়ালৈকে ৭খন মেচ খেলি ৫খনত জয়ৰ সোৱাদ লাভ কৰে৷ মেচখনত পেট কামিনছ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৬৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দিল্লীয়ে ১৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৯ ৰানহে কৰে৷ দলটোৰ হৈ সর্বাধিক ৬৫ ৰান কৰে অষ্ট্রেলিয়াৰ জেক ফ্রেজাৰ–মেকগার্কে৷ ১৮টা বলত ৫টা চাৰি আৰু ৭টা ছয়েৰে ইনিংছটো সজায় মেকগার্কে৷ ইফালে, অভিষেক প’ৰেলে ২২ বলত ৪২ ৰানৰ অৰিহণা আগবঢ়ায়৷ অধিনায়ক ঋষভ পণ্টে ৪৪ ৰানত অপৰাজিত হৈ থাকে৷ অ’পেনাৰদ্বয় পৃথ্বী শ্বই ১৬ আৰু ডেভিদ ৱার্নাৰে মাত্র এক ৰান কৰে৷ উল্লেখ্য যে দিল্লীয়ে এতিয়ালৈকে ৮খন মেচ খেলি ৩খনত জয় আৰু ৫খনত পৰাস্ত হৈ সপ্তম স্থানলৈ অৱনমিত হয়৷

You might also like