নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় মন্ত্রী তেলীৰ মন্তব্যত তীব্র প্রতিক্রিয়া

‘বিনামূলীয়া ক’ভিড ভেকচিনৰ বাবেই পেট্র’ল ডিজেলৰ মূল্যবৃদ্ধি’

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ বিনামূলীয়া ক’ভিড ভেকচিনৰ বাবেই পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি হৈছে বুলি কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে কৰা মন্তব্যই ৰাজ্যজুৰি তীব্র আলোড়ন সৃষ্টি কৰিছে৷ উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী তেলীয়ে পেট্র’ল–ডিজেলতকৈ পানীৰ দাম বেছি বুলি উল্লেখ কৰি কয় যে প্রতিলিটাৰ পেট্র’লৰ প্রকৃত দাম ৪০ টকা৷ কিন্তু সেই দামৰ ওপৰত কৰ আছে৷ অসমত প্রতিলিটাৰ পেট্র’লত ভেটৰ পৰিমাণ হৈছে ২৮ টকা, যিটো দেশৰ ভিতৰতে কম৷ সেইদৰে প্রতিলিটাৰ পেট্র’লত পেট্র’লিয়াম মন্ত্রালয়ে লয় ৩০ টকা৷ তাৰ বাবেই প্রতিলিটাৰ পেট্র’লৰ দাম ৯৮ টকা হৈছে৷ কিন্তু হিমালয় পানী এবটলৰ দাম ১০০ টকা৷ আন্তঃৰাষ্ট্রীয় বজাৰৰ সৈতে লিংক কৰি পেট্র’ল–ডিজেলৰ দাম নির্ধাৰণ কৰা হয়৷ বাণিজ্য মন্ত্রালয়ে সেয়া নির্ধাৰণ কৰে৷ তেওঁ আৰু কয় যে বিনামূলীয়া ক’ভিড ভেকচিনৰ মূল্য তেনেদৰেই আহৰণ কৰা হৈছে৷

কেন্দ্রীয় মন্ত্রী তেলীৰ সেই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে সমগ্র পৃথিৱীতে ক’ভিড ভেকচিন বিনামূলীয়াকৈয়ে দিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি চৰকাৰে ক’ভিড ভেকচিন বিনামূলীয়া বুলি কৈ আহিছে৷ তেনে অৱস্থাত পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি কৰি চৰকাৰে প্রকৃততে ৰাইজক ভেঙুচালিহে কৰিছে৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে চৰকাৰে ইচ্ছা কৰিলে আবকাৰী শুল্ক, ভেট আদি কমাই পেট্র’ল–ডিজেলৰ মূল্য কমাব পাৰে৷ কিন্তু বর্তমানৰ চৰকাৰে জনসাধাৰণক অর্থনৈতিক সকাহ দিয়াৰ বাবে ব্যৱস্থা কৰা নাই৷ ইয়াৰ পৰিৱর্তে মোদী চৰকাৰে কর্প’ৰেট গোষ্ঠীক কৰ কমাই দিছে৷ আদানি–আম্বানি–ৰামদেৱ্ লৈ চৰকাৰখন চলি আছে৷ প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে ৰামেশ্বৰ তেলী সহজ–সৰল মনৰ মানুহ৷ তেওঁ দুমুখীয়া চৰিত্র বুজি নাপায়৷ সেয়ে তেওঁৰ মুখেৰে আচল কথাটো ওলাই গৈছে৷ চৰকাৰে এহাতে তেলৰ দাম বৃদ্ধি কৰিছে, আনহাতে ৰাইজক বিনামূলীয়াকৈ ভেকচিন দিয়া বুলি কৈছে৷ কেন্দ্রীয় মন্ত্রী তেলীয়ে বিজেপিৰ আচল চৰিত্র, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আচল চৰিত্র উদঙাই দিছে৷ তাৰ বাবে কংগ্রেছে কেন্দ্রীয় মন্ত্রী তেলীক ধন্যবাদ জনায়৷

এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) বিধায়ক আমিনুল ইছলামে কয় যে কেন্দ্রীয় মন্ত্রী তেলীয়ে বিজেপিৰ গোপন এজেণ্ডা উদঙাই দিছে৷ ইমান দিনে চৰকাৰে ভেকচিন বিনামূলীয়াকৈ দিয়া বুলি কৈ ৰাইজক আভুৱা–ভাঁৰি আছিল৷ এতিয়াহে ভেকচিন যে বিনামূলীয়া নহয়, সেয়া ওলাই পৰিছে৷ পেট্র’ল–ডিজেলৰ দামৰ লগতে মিঠাতেলৰ দাম প্রতি লিটাৰত ২২০ টকা, দাইলৰ দাম প্রতি কিলোগ্রামত ১১০ টকা, নাছিকৰ প্রতি কিলোগ্রামত যি পিঁয়াজৰ দাম ৩৫ টকা অসমত ৬০ টকা হৈছে, প্রতি কিলোগ্রাম পটলৰ দাম ৬০ টকা হৈছে৷ নির্বাচনৰ সময়ত বিজেপিয়ে বণিয়াৰ পৰা লোৱা পইচা মূল্যবৃদ্ধি ঘটাই আদায় কৰাৰ ব্যৱস্থা কৰিছে৷ সেইদৰে এ আই ইউ ডি এফৰ আন এগৰাকী সাধাৰণ সম্পাদক, বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে এটা বিনামূলীয়া ভেকচিনৰ নামত বিজেপিয়ে এতিয়া চিৰিঞ্জ লগাই মানুহৰ তেজ লৈ আছে৷

ইপিনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ভাল দিন আৰু পৰিৱর্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ চৰম জনবিৰোধী নীতিৰ ফলত আজি অসমত পেট্র’লৰ মূল্যই ১০০ টকাৰ ঘৰ অতিক্রম কৰাৰ লগে লগে দুয়োখন চৰকাৰে নিজকে ৰাইজৰ চৰকাৰ বুলি ভবাৰ অধিকাৰ হেৰুৱাই পেলালে৷ আন দলৰ চৰকাৰ থকা দিনত বিজেপিয়ে মূল্যবৃদ্ধিৰ প্রতিবাদত দেশ কঁপাইছিল৷ এতিয়া পেট্র’ল–ডিজেল–ৰন্ধন গেছ আৰু খাদ্য–সামগ্রীৰ পৰা আৰম্ভ কৰি দৰব আৰু নির্মাণ সামগ্রী সকলোতে অসহনীয় মূল্যবৃদ্ধি হোৱাৰ পাছতো বিজেপি নেতাসকল মৌন ব্রত হৈ থকাটো দেশবাসীৰ প্রতি কৰা চৰম প্রতাৰণা৷

ইফালে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ প্রসংগত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে ব্যক্তিগতভাৱে তেওঁ পেট্র’ল–ডিজেলৰ দাম কম হোৱাটো বিচাৰে৷ কিন্তু বর্তমান আন্তঃৰাষ্ট্রীয় বজাৰত প্রতি বেৰেল খাৰুৱা তেলৰ দাম ৫,৫০০ টকা হৈছে৷ ডেৰ–দুই বছৰ আগত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য আন্তঃৰাষ্ট্রীয় বজাৰত ২৫০০ টকা আছিল৷ ক’ভিড পৰিস্থিতিৰ বাবে ডেৰ–দুই বছৰত খাৰুৱা তেলৰ উৎপাদনো কমিছে৷ অচিৰেই পেট্র’ল–ডিজেলৰ দাম হ্রাস পাব বুলি তেওঁ আশা প্রকাশ কৰে৷

আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত জনসাধাৰণক বজাৰ–সমাৰ কৰোঁতে ডাঙৰ গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱর্তে চাইকেলত অথবা খোজকাঢ়ি যোৱাৰ পৰামর্শ আগবঢ়ায়৷ সেইদৰে এখন বাইকত তিনিজনকৈ উঠাৰ বাবেও চৰকাৰৰ পৰা লাইচেঞ্চ ল’বলৈ তেওঁ পৰামর্শ দিয়ে৷ স্কুল–কলেজতো গাড়ী–বাইক লৈ যোৱাৰ পৰিৱর্তে চাইকেলেৰে যোৱাৰ পৰামর্শ দি তেওঁ কয় যে চাহিদা বেছি হ’লে আৰু যোগান কম থাকিলে দাম বৃদ্ধি হ’বই৷ কৃষিজাত সামগ্রীৰ প্রসংগ টানি আনি তেওঁ কয় যে উৎপাদন বেছি নহ’লে দাম বাঢ়িবই৷ একেখন ঘৰতে ৫খনকৈ গাড়ী থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ আৰু কয় যে কেতিয়াবা পেট্র’লৰ দাম ২০০ টকাও হ’ব৷ ভূগর্ভত কিমান পেট্র’ল আছে? সেয়ে তেওঁ ইয়াৰ বাবে জনসাধাৰণে হুলস্থূল কৰিলে নহ’ব বুলিও উল্লেখ কৰি জনসাধাৰণক চাইকেল ব্যৱহাৰ কৰিবলৈ, খোজকাঢ়ি বজাৰ–সমাৰ কৰিবলৈ পৰামর্শ দিয়ে৷

You might also like