নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রজোঁটৰ সাংসদ–বিধায়কক লৈ কইনাধৰাত মুখ্যমন্ত্রীৰ পর্যালোচনা বৈঠক

পাঁচ মাহ সম্পূর্ণ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে দেওবাৰে পাঁচ মাহ সম্পূর্ণ কৰিলে৷ এই পাঁচটা মাহত ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ বাবে কি কি কৰিলে আৰু অনাগত পাঁচ বছৰত কি কি কৰিব, সেই সম্পর্কত পর্যালোচনা কৰাৰ লগতে ৰূপৰেখা প্রস্তুত কৰা, ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বিধায়ক, সাংসদসকলক অৱগত কৰি সেই আঁচনিৰ সঠিক ৰূপায়ণত জনপ্রতিনিধিসকলক্ জড়িত কৰাৰ বাবেই মুখ্যমন্ত্রী ড০ শর্মাই আজি দিনজোৰা কার্যসূচীৰে মিত্রজোঁটৰ বিধায়কসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷

কইনাধৰাৰ অতিথিশালাত দেওবাৰে পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ চলা উক্ত বৈঠকত অসম চৰকাৰৰ প্রতিগৰাকী মন্ত্রীৰ লগতে বিভিন্ন বিভাগৰ শীর্ষ আমোলা–বিষয়াসকলো উপস্থিত থাকে৷  এই বৈঠক সম্পর্কত সংবাদ মাধ্যমৰ আগত মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে বিভিন্ন বিভাগত বহু আঁচনি গ্রহণ কৰিছে৷ প্রধানমন্ত্রী কৃষক সন্মান নিধি, কৃষক বীমা ফচল আঁচনি, অৰুণোদয়কে ধৰি লোকনির্মাণ, স্বাস্থ্য বিভাগ, ক্রীড়া বিভাগকে ধৰি প্রায়বোৰ বিভাগেই বহু আঁচনি গ্রহণ কৰিছে৷ সেই আঁচনিসমূহৰ বিষয়ে বিধায়কসকলক অৱগত কৰাৰ বাবেই আজি মিত্রজোঁট বিজেপি, অগপ আৰু ইউপিপিএলৰ বিধায়ক, সাংসদসকলক লৈ মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মিলিত হৈছে৷ পৰৱর্তী পর্যায়ত মুখ্যমন্ত্রী ড০ শর্মাই একেধৰণে বিৰোধী দলৰ বিধায়ক, সাংসদসকলকো আমন্ত্রণ কৰি পর্যালোচনা বৈঠকত মিলিত হ’ব৷ এই বৈঠকৰ আয়োজন কৰাৰ উদ্দেশ্য হৈছে চৰকাৰে গ্রহণ কৰা বিভিন্ন বিভাগৰ আঁচনিসমূহ যাতে তৃণমূল পর্যায়ত সঠিকভাৱে ৰূপায়ণ হয়৷ বিধায়কসকলে যাতে আঁচনিসমূহৰ বিষয়ে ভালদৰে অৱগত হৈ নিজ নিজ সমষ্টিত আঁচনিসমূহ চোৱা–চিতা কৰিব পাৰে আৰু আঁচনি ফলপ্রসূ ৰূপায়ণ হয়, তাৰ বাবেই এই বৈঠকৰ আয়োজন কৰা হৈছে৷ এই বৈঠক সম্পূর্ণৰূপে ৰাজ্যখনৰ উন্নয়নকেন্দ্রিক বুলি উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে ৰাজ্যৰ বাহিৰত থকাৰ বাবে আজিৰ বৈঠকত মন্ত্রী অশোক সিংঘল উপস্থিত থাকিব নোৱাৰিলে৷

মন্ত্রী সিংঘলৰ বাহিৰে আটাইকেইজন মন্ত্রী এই বৈঠকত উপস্থিত আছে৷ সেইদৰে প্রতিটো বিভাগৰ জ্যেষ্ঠ সচিব আৰু সঞ্চালকসকলো আজিৰ বৈঠকত উপস্থিত থাকে৷ আজিৰ এই বৈঠকতে বর্তমানৰ চৰকাৰখনে যোৱা ৫টা মাহত বিভিন্ন বিভাগৰ আঁচনিসমূহ কেনেদৰে ৰূপায়ণ কৰিছে, তৃণমূল পর্যায়ত আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই আৰু অনাগত ৫টা বছৰত চৰকাৰখনে কেনেদৰে আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ জৰিয়তে ৰাজ্যখনক উন্নয়নৰ শিখৰত আগবঢ়াই লৈ যাব, সেই সম্পর্কতো মুখ্যমন্ত্রী ড০ শর্মাই বিস্তৃতভাৱে পর্যালোচনা কৰাৰ লগতে বিধায়কসকলৰ সৈতে মত বিনিময় কৰে৷ ৰাজ্য চৰকাৰৰ এক সূত্রই জানিবলৈ দিয়া মতে, চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে যুগুতোৱা বহু আঁচনি বিভিন্ন সময়ত একাংশ মধ্যভোগী আৰু দালালৰ বাবে প্রকৃত হিতাধিকাৰী বঞ্চিত হৈ অহাৰ বিগত সময়ছোৱাত যি এক অশুভ পৰম্পৰা চলি আহিছে, ৰাজ্যখনক তেনে পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ বাবেই মুখ্যমন্ত্রী ড০ শর্মাই প্রতিখন আঁচনিৰ বিষয়ে জনপ্রতিনিধিসকলক্ জড়িত কৰি আঁচনিৰ সঠিক ৰূপায়ণত গুৰুত্ব আৰোপ কৰি এই বৈঠকখনৰ আয়োজন কৰে৷

You might also like