নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ জুলাইৰ পূর্বে মেট্রিকৰ ফলাফল ঘোষণা কৰিবলৈ সাজু ছেবা

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ ‘ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হৈছিল অনিশ্চয়তাৰ৷ কিন্তু তাৰ মাজতে নির্ধাৰিত সময়সীমাৰ ভিতৰত ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে মাধ্যমিক শিক্ষা পৰিষদ অসম চমুকৈ ছেবা৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে  সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, সকলো জিলাৰ পৰা পৰীক্ষার্থীৰ নম্বৰসমূহ লাভ কৰাৰ পিছত সংশ্লিষ্ট প’র্টেল বন্ধ কৰি দিয়া হৈছিল৷ কিন্তু কামৰূপ জিলাত বিভিন্ন অনিয়ম ধৰা পৰাৰ লগে লগে ছেবাই সন্দেহজনক জিলাৰ নম্বৰ পুনৰীক্ষণৰ সিদ্ধান্ত লৈছে৷

সেইমর্মে কামৰূপৰ লগতে আন সন্দেহজনক জিলাৰ মূল্যায়ন দুদিনৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ অহা দুদিন ছেবাৰ মূল্যায়ন দাখিল কৰিব পৰা প’র্টেল মুকলি ৰখা হ’ব৷ লগতে কেলেংকাৰিৰ লগত জড়িত কামৰূপৰ শিক্ষা বিষয়াৰ কার্যালয়ৰ কম্পিউটাৰ সহায়ক প্রশান্ত দাসক চাকৰিৰ পৰা অব্যাহতি দিয়া বুলিও ছেবাৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে৷

উল্লেখ্য যে কামৰূপৰ উপৰি বৰপেটা আৰু শিৱসাগৰ জিলাতো মূল্যায়নৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ লাভ কৰিছিল ৰাজ্য চৰকাৰে৷ একে সময়তে কাছাৰ জিলাৰ ৯২খন বিদ্যালয়ৰো ব্যাপক খেলিমেলিৰ বাতৰি ধাৰাবাহিকভাৱে প্রকাশ হৈ আছে৷ এনে পৰিস্থিতিত কামৰূপৰ উপৰি বৰপেটা, শিৱসাগৰ আৰু কাছাৰ জিলাৰো মূল্যায়ন পুনৰীক্ষণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ইপিনে, ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে  প্রকাশ কৰা মতে এই কেলেংকাৰিত জড়িত মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ এই ঘটনাত নাম সাঙোৰ খোৱা আন তিনিজন ব্যক্তি কামৰূপৰ বিদ্যালয় পৰিদর্শক মাধৱ ডেকা, ছেবাৰ সমন্বয়ক ফুলপাহি নাথ আৰু কর্মচাৰী প্রশান্ত দাসৰ ভূমিকা সন্দর্ভত তদন্ত কৰিবলৈ শিক্ষা বিভাগৰ সচিব ধ্রুৱজ্যোতি দাসক নির্দেশ দিয়া হৈছে৷ অহা ১৫ দিনৰ ভিতৰত সচিবগৰাকীয়ে প্রতিবেদন দাখিল কৰিব৷ সেই অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব৷

ইপিনে, মাধৱ ডেকাক পদোন্নতি দিয়া বুলি প্রচাৰিত বাতৰি অস্বীকাৰ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিহেতু মাধৱ ডেকাৰ নাম নম্বৰৰ বিসংগতিৰ লগত সাঙোৰ খাইছে, গতিকে তেওঁক আন জিলালৈ বদলি কৰিব নোৱাৰি৷ সম্প্রতি মাধৱ ডেকাক সঞ্চালকৰ কার্যালয়লৈ বদলি কৰি নিৰীক্ষণত ৰখা হৈছে৷ আনহাতে, ছেবা কর্তৃপক্ষই পুনৰ নিশ্চিত কৰিছে যে ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ’বই৷ যদি ফলাফলক লৈ কোনোবা পৰীক্ষার্থীৰ সন্দেহ থাকি যায়, তেনেহ’লে তেওঁ নিজেই পুনৰীক্ষণ কৰিব পাৰিব৷

You might also like