নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১.৩ কিঃমিঃ ব্রহ্মপুত্র ৰিভাৰফ্রণ্ট উন্নয়ন প্রকল্পৰ বাবে ৩৭০ কোটি অনুমোদন

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্রীৰ কার্যালয়ত গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ পৰিচালকমণ্ডলীৰ সৈতে এক উচ্চ পর্যায়ৰ বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিষয়াসকলক প্রকল্পসমূহৰ বিভিন্ন কাম দ্রুতভাৱে সম্পূর্ণ কৰিবলৈ নির্দেশ প্রদান কৰে৷ বৈঠকত গুৱাহাটীত ৩৭০ কোটি টকাৰ বিত্তীয় ব্যয় সাপেক্ষ ১.৩ কিলোমিটাৰ দৈর্ঘ্যৰ ‘ব্রহ্মপুত্র ৰিভাৰফ্রণ্ট উন্নয়ন প্রকল্প’টো সম্পন্ন কৰাৰ ক্ষেত্রত অনুমোদন জনোৱা হয়৷

মুখ্যমন্ত্রীয়ে বিষয়াসকলক নির্ধাৰিত সময়সীমাৰ ভিতৰত প্রকল্পটো সম্পূর্ণ কৰিবলৈ নির্দেশ প্রদান কৰে৷ তদুপৰি, স্মার্ট চিটী প্রকল্পৰ লগত জডিত অন্যান্য উপাদানসমূহ, যেনে জলাশয়সমূহৰ পুনৰুউজ্জীৱিতকৰণ, দীপৰ বিলৰ পৰিৱেশ ভাৰসাম্যতা ৰক্ষা, সমন্বিত যান–বাহন ব্যৱস্থাপনা প্রণালী, গান্ধী মণ্ডপ আৰু শংকৰদেৱ কলাক্ষেত্রত শব্দ আৰু পোহৰ প্রদর্শনী, অশ্বক্লান্ত দেৱালয়ৰ বিকাশ, উমানন্দ দেৱালয়ৰ বিকাশ, গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ ক্ষেত্রত জি এম ডি এৰ বাবে ছুপাৰ ছাকাৰ যন্ত্র ক্রয়, স্মার্ট ষ্ট্রীট লাইট ছিষ্টেম ইত্যাদিৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়৷

You might also like