নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযোগ সঁচা প্ৰমাণিত হলে সকলো শাস্তি ভুগিবলৈ সাজু : অমৃতপল সিং

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ ‘যদি এটাও অভিযোগ সঁচা প্ৰমাণিত হয়,মই সকলো শাস্তি ভুগিবলৈ সাজু আছো’– ডিব্ৰুগড় জেলৰ পৰাই উগ্ৰ খালিস্তানী সমৰ্থক তথা ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিং সান্ধুৱে সাক্ষাৎৰ সময়ত অধিবক্তা তথা পৰিয়ালৰ আগত উল্লেখ কৰি সমগ্ৰ দেশবাসীলৈ আজি এই বাৰ্তা প্ৰেৰণ কৰে।সাক্ষাতৰ সময়ত অধিবক্তাক দিয়া এখন পত্ৰৰ জৰিয়তে পঞ্জাৱত এখন ন্যায়িক কমিটি গঠন কৰাৰ কথাও উল্লেখ কৰি,ভবিষ্যতৰ দিনত উক্ত কমিটিখনে সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়াটো চলাই নিব বুলিও অমৃতপলে উল্লেখ কৰে।অপৰাধৰ কোনো বেকগ্ৰাউণ্ড নথকা বুলি দাবী কৰি অমৃতপলৰ খুড়াকে কয়– সাক্ষাৎ বহুত জৰুৰী আছিল।বহু দিন ধৰি চেষ্টা কৰি আছিলো।উপায়ুক্তক লগ কৰিছিলো।অৱশেষত সন্মতি প্ৰদান কৰিলে।সেয়ে আজি সুবিধা অনুযায়ী সাক্ষাৎ কৰিব পাৰিলো বুলি সদৰী কৰি জেলৰ নিয়ম নীতি মতেই তেওঁবিলাকক ৰাখিছে বুলি উল্লেখ কৰে।তেও কয় যে এতিয়া পঞ্জাৱত খেতিৰ সময়।ঘেহু চপোৱাৰ সময় আৰু এই ধৃত হোৱা সকলো কৃষিজীবি।আজি বহু কষ্টৰে আহি সকলোকে সাক্ষাৎ কৰিলো।এই ঘটনাৰ লগত গ্ৰেপ্তাৰ হোৱা প্ৰায়বোৰেই পৰিয়ালৰ একমাত্ৰ উৰ্পাজনকাৰী।এতিয়া সেই সকল জেলত বন্দী হৈ থকাৰ বাবে পৰিয়ালত বহুত আৰ্থিক সমস্যাৰ স্বৃষ্টি হৈছে বুলিও জানিবলৈ দিয়ে।আনহাতেদি আজি পুৱা প্ৰায় ১০ বজাৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ চৌহদত অপেক্ষা কৰাৰ পাছত আবেলি প্ৰায় ৪.২০ মিনিটত পাঞ্জাৱৰ পৰা অহা ১২জনীয়া পৰিয়ালৰ দলটোৱে সাক্ষাতৰ অনুমতি লাভ কৰে। জানিব পৰা মতে সাক্ষাতৰ সময়ত দলটোৱে নিজ গৃহ চহৰৰ পৰা শিখ ধৰ্মীয় গ্ৰন্থ সহ কেইবাখনো ধৰ্মগ্ৰন্থ সহ মুঠ ১০ খন গ্ৰন্থ, বিভিন্ন ড্ৰাই ফ্ৰুটছ, খাদ্য সামগ্ৰী আৰু ডায়েৰী আদি লৈ অনা প্ৰত্যক্ষ কৰা হৈছিল।খালিস্তানী কাৰাবন্দী সকলক ন্যায় যুঁজত সহায় কৰিবলৈ পাঞ্জাব শিৰোমণি গুৰুদ্বাৰ প্ৰৱন্ধক সমিতিৰ জেষ্ঠ অধিবক্তা ভগৱন্ত সিং ছিয়ালকা, আৰু চমৰজিৎ সিং সহ তিনিজন অধিবক্তা নেতৃত্বত পৰিয়ালৰ লোক সকল আহিছিল।কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎৰ পূৰ্বে ডিব্ৰুগড়ৰ ৰিলায়েন্স ট্ৰেণ্ডত কাৰাবন্দী হৈ থকাসকলৰ বাবে কিছু সামগ্ৰী ক্ৰয় কৰাৰ লগতে ডিব্ৰুগড়ৰ গুৰুদ্বাৰত আৰ্শীবাদ লৈ কাৰাগাৰৰ দিশে আগবঢ়ে। ইফালে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিয়োগত চৰকাৰী কাৰ্যালয় বন্ধ থকাত, বহু সময়ৰ পাছতহে পাঞ্জাৱৰ জিলা দণ্ডাধীশৰ পৰা সাক্ষাৎৰ অনুমতি পত্ৰ মেইলত লাভ কৰাত সাক্ষাৎ কৰিবলৈ সক্ষম হয়। প্ৰতিগৰাকী কাৰাবন্দীৰ লগত পৰিয়ালৰ লোকে এঘন্টাকৈ সময় কটাই উভতি আহি সাংবাদিকক সকলো ঠিক-ঠাকে আছে বুলিও সদৰী কৰে। ইফালে আজি সাক্ষাৎ কৰা পৰিয়ালৰ লোকৰ অভিযোগ মতে অমিত শ্বাহৰ এজন ঘণিষ্ঠ লোক পঞ্জাৱত আছে আৰু তেওঁৰ জৰিয়তে পাঞ্জাৱত বিজেপি শাসিত কৰাৰ লক্ষ্যৰে এনেদৰেই অমৃতপল আৰু সহযোগী সকলক টাৰ্গেট কৰা হল।বহু দিনৰ পূৰ্বৰে পৰা অমৃতপল সিঙে বিভিন্ন সভা সমিতিত দিয়া ভাষণ সমূহৰ কিয়দংশ কাতি কাতি সম্পাদনা কৰি এনএচএ আইন লগাইছে।অভিযোগত আৰু কয় যে অমৃতপলে সদায় নিজৰ শিষ সকলৰ উত্তৰোণৰ বাবে কাম কৰি আহিছিল। সদায় সমাজৰ বাবে কাম কৰিছিল।শিক্ষাৰ বাবে কাম কৰিছিল।এনে ক্ষেত্ৰত অমৃতপলৰ বিৰুদ্ধে এনএচএ এক্ট লগোৱাৰ কোনো যুক্তি নাই।আনহাতে অমৃতপালৰ ওচৰত যি মৰাণাস্ত্ৰ উদ্ধাৰ হোৱা বুলি প্ৰচাৰ কৰিছিল সেইয়া কোনো অবৈধ নহয়।সেয়া সকলো বৈধ তথা তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ বুলিও দাবী কৰে।আনহাতে পঞ্জাৱৰ বিভিন্ন প্ৰান্তত অতি উন্নত পৰ্যায়ৰ কাৰাগাৰ থকা পাছতো ৩০০০ কিলোমিটাৰ দূৰত্বলৈ অনাৰ কোনো যুক্তি নাছিল।সেয়ে পৰিয়ালৰ লোকসকলে অমৃতপাল সিং সহ সকলোকে পুনৰাই পাঞ্জাৱ লৈ নিয়াৰ বাবে উচ্চ ন্যায়লয়ত আবেদন কৰিছে বুলি জানিবলৈ দিয়ে।

অমৃতপল সিঙক অসমলৈ কিয় অনা হল?

ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰাত বন্দী হৈ থকা ১০ খালিস্তানপন্থী কাৰাবন্দীক সাক্ষাৎৰ বাবে আজি পৰিয়ালৰ লোক ডিব্ৰুগড়ত পুৱা বিমানেৰে উপস্থিত হয়।শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ সদস্য অধিবক্তা ভগৱন্ত সিং ছিয়ালকাই নেতৃত্বত এছ জি পিচিয়ৰ নেতৃত্বত এটা ১৫ জনীয়া দল বিমানেৰে আহিছে ডিব্ৰুগড়লৈ।ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ হৈ অসমৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আৱদ্ধ হৈ থকা খালিস্তান সমৰ্থিত তথা ৱাৰিচ পঞ্জাৱ দেৰ ১০ সমৰ্থক পৰিয়ালৰ সদস্য সকলৰ আত্মীয়ৰ সৈতে কাৰাগাৰত সাক্ষাৎ কৰে।কাৰাগাৰৰ নিয়ম অনুসৰি কেৱল বৃহস্পতিবাৰ দিনা এজন কাৰাবন্দীৰ পৰিয়ালৰ লোকক কেবল এঘন্টাৰ বাবে সাক্ষাৎৰ অনুমতি প্ৰদান কৰা হয়।সেই অনুসৰি আজি ডিব্ৰুগড়লৈ ধপলিয়াই আহে পৰিয়ালৰ লোক।ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা ১০ জন ব্যক্তিৰ ভিতৰত আঠজন বন্দী অৰ্থাৎ কুলৱন্ত সিং ধলিৱাল, ৱাৰিন্দৰ সিং জোহল, গুৰিন্দৰ পাল সিং, হৰজিৎ সিং, খাইৰা, ভগৱন্ত সিং বাজেকে ওৰফে প্ৰধানমন্ত্ৰী, বসন্ত সিং ফৌজি ,গুৰিন্দৰ পাল সিং আৰু পাপলপ্ৰীত সিঙৰ পৰিয়ালৰ এজনকৈ সদস্য তথা আত্মীয়ৰ সৈতে সাক্ষাৎৰ বাবে বিয়লি উপস্থিত হয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত।প্ৰথমাৱস্থাত কেৱল দুটা পৰিয়ালৰ লোকে সাক্ষাৎৰ অনুমতি লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত পাঞ্জাৱৰ জিলা দণ্ডাধীশে বিয়লি প্ৰায় চাৰি বজাতহে বাকী কেইজনৰ অনুমতি প্ৰদান কৰাত পৰিয়ালৰ দুজনকৈ ব্যক্তিয়ে মাত্ৰ এঘন্টাৰ বাবে সাক্ষাৎ কৰে। এই সন্দৰ্ভত অমৃতপল সিঙৰ অধিবক্তা চিমৰণজিৎ সিঙে আজি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত কয় –দেশৰ সৰ্ব্বোচ্চ ন্যায়লয় তথা সংশ্লিষ্ট আইনৰ মতে কোনো কাৰন নোহোৱাকৈ পৰিয়ালৰ পৰা বহু দুৰৈত আচামীক ৰাখিব নোৱাৰে।যিহেতু পাঞ্জাৱত কাৰাগাৰ আছে।যেতিয়া পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বেন সিঙৰ হত্যা হৈছিল,তেতিয়া সেই হত্যাৰ লগত জৰিত সকলো অপৰাধীক চণ্ডীগড় কাৰাগাৰত ৰাখিছিল।তেনে ক্ষেত্ৰত এওঁলোকক কিয় ৩ হাজাৰ কিলোমিটাৰ দুৰৈৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হল বুলিও অধিবক্তা গৰাকীয়ে প্ৰশ্ন কৰে।তেওঁ দাবী কৰে যে ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা পাঞ্জাৱৰ লোক কেইজনৰ কোনো অপৰাধ ইতিহাস নাই।খালিস্তানী নেতা গুৰপটৱান পান্নুৰ ভাবুকিৰ সন্দৰ্ভত অধিবক্তা গৰাকীয়ে এয়া শিখ সকলক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈকে ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰি কয় যে যিসকলে গণতন্ত্ৰৰ পৰিপন্থী কাম কৰে,সেইসকলে আইন অনুযায়ী পৰিস্থিতিৰ মুখামুখি হবই লাগিব।দেশৰ উচ্চতম ন্যায়লয়েও কয় যে সংবিধানৰ গণ্ডীৰ মাজত থাকি এখন পৃথক ৰাজ্যৰো দাবী কৰিব পাৰি।মুঠৰ ওপৰত গণতন্ত্ৰ দেশত গণতান্ত্ৰিকভাবে প্ৰতিবাদ সাব্যস্ত কৰিলে অপৰাধ হব নালাগে বুলি ভাবে বুলি অধিবক্তা চিমৰণজিৎ সিঙে সদৰী কৰে।ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিং সান্ধুৰ লগতে তেওঁৰ ৯ গৰাকী সহযোগীক,যোৱা ১৮ মাৰ্চৰ পৰা অধিবক্তাক আইন অনুযায়ী সাক্ষাৎ কৰাৰ কোনো অনুমতি দিয়া হোৱা নাই যিহেতু ৰাষ্ট্ৰীয় নিৰাপত্তা আইন(এন এচ এ) বেলেগ আইনতকৈ সম্পূৰ্ণ সুকীয়া আৰু এই আইন অনুযায়ী আদালতত মোকদমা চলিব বুলিও সদৰী কৰে অধিবক্তা চিমৰণে।আজি পুৱাই কাৰাবন্দী হৈ থকা পৰিয়ালৰ লোকৰ লগত আহি ডিব্ৰুগড়ত উপস্থিত হোৱা শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ সদস্য তথা অধিবক্তা ভগৱন্ত সিং ছিয়ালকাই নেতৃত্বত অহা সহযোগী অধিবক্তা চিমৰণজিৎ সিঙে সাংবাদিকৰ আগত কয় যে এই গ্ৰেপ্তাৰৰ আৰত চৰকাৰী ষড়যন্ত্ৰৰ আশংকা কৰিব পাৰি।বৃটিছৰ শাসনকালৰ ‘মেইন্টেইনেঞ্চ অৱ ইন্টাৰনেল চিকিউৰিটি এক্ট'(মিছা)পৰৱৰ্তী সময়ত ১৯৮০ চনত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰে নামাকৰণ কৰা হয়।এই আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে গোচৰ হোৱা অভিযোগসমূহৰ এক বৃস্তিত প্ৰতিবেদন জিলা দণ্ডাধীশক(উপায়ুক্ত) জনাব লাগে।জিলা দণ্ডাধীশ গৰাকীয়ে সেই গোচৰৰ প্ৰতিটো অভিযোগ পুংখানুপুংখকৈ পৰীক্ষা কৰি সত্যসত্যতা নিৰুপন কৰাতো প্ৰয়োজনীয়।কিন্তু এই পাঞ্জাৱ।দেৰ কৰ্মীসকলৰ ক্ষেত্ৰত মাত্ৰ দুই-তিনিঘন্টাৰ ভিতৰতে সকলো সমাপন কৰি অসমলৈ স্থানান্তৰ কৰাৰো প্ৰক্ৰিয়াও শেষ কৰিলে– এয়া কেনেকৈ সম্ভৱ বুলি অমৃতপল সিঙৰ অধিবক্তা চিমৰণজিৎ সিঙে প্ৰশ্ন কৰে।সমগ্ৰ ঘটনাৰ লগত জৰিত প্ৰায় এহেজাৰ লোকক আটক কৰা হৈছিল যদিও ৩৫০ গৰাকীকহে আইন অনুযায়ী গ্ৰেপ্তাৰ কৰা হৈছে বুলিও অধিবক্তা সিঙে উল্লেখ কৰে।সমগ্ৰ বিষয়বস্তুৰ ওপৰত চণ্ডীগড় আৰু হাৰিয়ানা উচ্চতম ন্যায়লয়ত আৱেদন জনোৱাৰ কথা সদৰী কৰে।উল্লেখযোগ্য যে এছ জি পি চিৰ সভাপতি হৰজিন্দৰ সিং ধামীয়ে এন এছ এৰ অধীনত বন্দী সকলৰ গোচৰ চলাবলৈ এছ জি পি চিৰ সদস্য অধিবক্তা ছিয়ালকাক দায়িত্ব অৰ্পণ কৰিছিল, আইনী দল গঠন কৰি, ডিব্ৰুগড়ত জেলত বন্দীসকলক সাক্ষাৎ কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সাক্ষাৎৰ বাবেও প্ৰয়োজনীয় অনুমতি লাভ কৰিছিল। ইয়াৰ পূৰ্বে ১৯ এপ্ৰিলত দলজীৎ কালছি নামৰ খালিস্তানী নেতা জনক সাক্ষৎ কৰিছিল তেওঁ লোকৰ পৰিয়ালে।

প্ৰেৰক বিভাস দুৱৰা

You might also like