নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত নিশা উদণ্ড গাড়ীচালকৰ সন্ত্ৰাস, এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৮ মে’ : কলিয়াবৰৰ চামধৰা গাঁৱত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, তীব্ৰবেগী এখন এল্ট’ বাহনে পথৰ কাষত বহি থকা দুজন ব্যক্তিক মহটিয়াই নিয়ে।

উল্লেখ্য যে AS-02AX-7533 নম্বৰৰ তীব্ৰবেগী এল্ট’ বাহনখনে পথৰ কাষৰ চাঙত বহি থকা অৱস্থাতে দুজনক মহটিয়াই নিয়ে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় চামধৰা গাঁৱৰ চেনাৰাম গগৈ (৭৫) আৰু গৌতম শইকীয়া। স্থানীয় লোকৰ সহায়ত দুয়োজনকে নিশাই জখলাবন্ধা চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাত পিছত তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

পুৱতি নিশা চিকিৎসাধীন অৱস্থাত চেনাৰাম গগৈৰ মৃত্যু হয়। আনহাতে, আহত গৌতম শইকীয়াৰ চিকিৎসা অব্যাহত আছে।

ইফালে, বাহনখনত থকা চালকসহ ৰূপহীৰ চাৰি উদণ্ড যুৱকক আটক কৰিছে শিলঘাট আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

You might also like