নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকঃ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ  আজি অসমৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি, থানাসমূহৰ পৰিচালনাৰ বাবে পুঁজি প্ৰদান আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক উদ্দেশি ছমাহৰ ভিতৰত অমীমাংসিত গোচৰসমূহৰ চাৰ্জশ্বীট দাখিল, চাকৰি, পাছপ’ৰ্ট আদিৰ বাবে আৰক্ষীৰ প্ৰামাণিকৰণ ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাকে ধৰি বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি আৰক্ষী সেৱাৰ মান অধিক উন্নত কৰাৰ পোষকতা কৰে ৷

এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে-

  • দুবছৰ অন্তৰালত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি
  • প্ৰতিখন থানাৰ বাবে এখনকৈ গাড়ী, চৰ অঞ্চল তথা গাড়ী চলাচলত অসুবিধা থকা অঞ্চলৰ থানাৰ বাবে মটৰচাইকেল
  • উৎস গোটোৱাৰ বাবে থানাসমূহলৈ নিৰ্দিষ্ট পৰিমাণৰ পুঁজি
  • থানা পৰিচালনাৰ বাবে বছৰি ২.৫ লাখ টকা
  • প্ৰতিখন থানালৈ ৩টা কম্পিউটাৰ, ১ টা জেনেৰেটৰ
  • অতিৰিক্ত ভূমি থকা থানা চৌহদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ৩ জন উপ-আৰক্ষী বিষয়াৰ বাবে আৱাস নিৰ্মাণ
  • দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্তৰ ঘৰলৈ গৈ ৰিপ’ৰ্ট প্ৰদান
  • পোষ্ট মৰ্টেমৰ ৰিপ’ৰ্ট ১৫ দিনৰ ভিতৰত প্ৰদান
You might also like