নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদ হ’লেও পত্নী কিৰণৰ সৈতে একেলগেই আছে আমিৰ খান

নিয়মীয়া বাৰ্তা ৫ জুলাইঃ বিবাহ বিচ্ছেদৰ কথা একেলগে ঘোষণা কৰাৰ মাত্র ২৪ ঘণ্টাৰ পিছত বলীউডৰ অভিনেতা আমিৰ খান আৰু কিৰণ ৰাওক দেখিবলৈ পোৱা গ’ল অন্য এক ভংগীত৷ অভিনেতা আমিৰ খানে পত্নী কিৰণ ৰাওৰ হাত সাবটি ধৰি এক ভিডিঅ’যোগে ঘোষণা কৰিছে যে তেওঁলোক দুয়ো একেলগেই আছে৷ লগে লগে অনুৰাগীসকল হতচকিত হৈছে৷ মাত্র এদিন পূর্বে এই চেলিব্রিটী দম্পতীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ ১৫ বছৰীয়া যুগ্ম জীৱনৰ অন্ত পৰিছে৷

এতিয়াৰ পৰা তেওঁলোকে স্বামী–স্ত্রী হিচাপে নাথাকে বুলিও কালি উল্লেখ কৰিছিল দুয়োগৰাকীয়ে এক বিবৃতিত৷ কিন্তু এক ভিডিঅ’যোগে আমিৰ খানে উল্লেখ কৰে যে তেওঁলোকৰ সম্পর্ক সলনি হ’লেও তেওঁলোক একেই পৰিয়ালৰ অংশ৷ অর্থাৎ সম্পর্কৰ পৰিৱর্তন হ’লেও পত্নী কিৰণৰ সৈতে আমিৰ একেলগেই আছে৷ দুয়োৰে যৌথ প্রতিষ্ঠান পানী ফাউণ্ডেচন আছে নিজ সন্তান আজাদৰ দৰে৷ অনুৰাগীসকলে বিবাহ বিচ্ছেদৰ খবৰ শুনাৰ পিছত দুখ পোৱা বুলি জানিব পাৰি আমিৰে এই নতুন ভিডিঅ’ মুকলি কৰিছে৷

স্মর্তব্য যে বর্তমান কার্গিলত ‘লাল সিং চাদ্দা’ৰ শ্বুটিঙত ব্যস্ত আছে আমিৰ খান৷ লগত আছে পত্নী কিৰণ আৰু পুত্র আজাদ৷

You might also like