নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ হোৱাৰ এমাহ পাছতেই মাতৃ হোৱাৰ ভাল খবৰ দিলে Dia Mirzaই

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ দীয়া মিৰ্জাই ১৫ ফেব্ৰুৱাৰীত ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। বিয়াৰ এমাহো পাৰ হোৱা নাছিল, অভিনেত্ৰীগৰাকীয়ে মাতৃ হোৱাৰ সুখবৰ অনুৰাগীসকলক দিয়ে। দীয়াই বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰি এই কথা প্ৰকাশ কৰে।

এই পোষ্টত দীয়াই লিখিছে, “মাতৃ হোৱাটো আশীৰ্বাদৰ দৰে। এটা জীৱনৰ পৰা নতুন জীৱনৰ আৰম্ভণি। সকলো কাহিনীয়ে নতুনকৈ আৰম্ভ হয়। শুই থকা গান। নতুন আশাৰ ফুল। এই সকলো সপোন মোৰ গৰ্ভত আৰম্ভ হৈছে।”

উল্লেখ্য যে বৈভৱ হৈছে দীয়া মিৰ্জাৰ দ্বিতীয় স্বামী। তাৰ আগতে দীয়াৰ চাহিল সাংঘাৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল।

আনহাতে দীয়াও বৈভৱৰ দ্বিতীয় পত্নী। তেওঁৰ প্ৰথম পত্নীৰ নাম সুনাইনা। বৈভৱ-সুনাইনাৰ এগৰাকী কন্যা সন্তান আছে।

 

View this post on Instagram

 

A post shared by Dia Mirza (@diamirzaofficial)

You might also like