নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত দেশৰ প্ৰথম বাঁহ জৈৱ শোধনাগাৰ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল:  ৰঙালী বিহু উদযাপনৰ মাজতে অসমৰ বাবে এক সুসংবাদ কঢ়িয়াহ আনিছে এনটিপিচিয়ে৷ দেশৰ শক্তিখণ্ডত বৈপ্লৱিক যুগৰ সূচনা কৰিবলৈ সাজু এনটিপিচি৷ শক্তিখণ্ডৰ বৈপ্লৱিক যুগৰ পৃষ্ঠভূমি হ’ব অসমৰ বঙাইগাঁও৷ গঢ় লৈ ডঠিব বাঁহনির্ভৰ জৈৱ শোধনাগাৰ৷ উৎপাদন কৰা হ’ব ২ জি হথানল, জৈৱ কয়লা আৰু বহুতো উন্নত মানৰ জৈৱ পদার্থ৷ সমগ্র প্রকল্পটোক বাস্তৱায়িত কৰাৰ বাবে এনটিপিচিয়ে ফিনলেণ্ডৰ জৈৱ শোধনাগাৰ প্রযুক্তি আগবঢ়োৱা কোম্পানী চেম্পলিছ ইণ্ডিয়াৰ সৈতে ইতিমধ্যে এক বুজাবুজি চুক্তি সম্পন্ন কৰিছে৷ যোৱা ১০ এপ্রিলত সম্পন্ন এই চুক্তি সন্দর্ভত এনটিপিচিয়ে আজি প্রকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে উদ্ভাৱনীমূলক এহ প্রকল্পহ থলুৱা অর্থনীতিক উদগনি দিয়াৰ উপৰি কর্মসংস্থাপনৰ ব্যাপক সুযোগ প্রদান কৰিব তথা দেশৰ বিকাশৰ অগ্রগতিত স্থিৰতা প্রদান কৰিব৷

বিবৃতিত উল্লেখ কৰা মতে, এনটিপিচি বঙাহগাঁও পাৱাৰ প্লেণ্টৰ একবর্ধিত প্রকল্প হিচাপে জৈৱ শোধনাগাৰটোক লোৱা হৈছে৷ ২ জি হথানল উৎপাদন কৰাৰ উপৰি তাপবিদ্যুৎ কেন্দ্রটোৰ বাবে প্রয়োজনীয় কয়লাৰ বিকল্প স্বৰূপে জৈৱ শোধনাগাৰটোৱে জৈৱ কয়লা যোগান ধৰিব৷ ফলত বঙাইগাঁও তাপবিদ্যুৎ প্রকল্পৰ পৰা উৎপাদিত বিদ্যুতৰ অন্তত ৫ শতাংশ সেউজ বিদ্যুৎ হিচাপে চিহ্ণিত হ’ব৷ হ্রাস পাব কার্বন নির্গমন৷ যি অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজত ইতিবাচক ভূমিকা পালন কৰিব৷

এনটিপিচিয়ে প্রকাশ কৰা মতে, জৈৱ–শোধনাগাৰৰ বিস্তাৰিত প্রকল্প প্রতিবেদনৰ বাবে ইঞ্জিনীয়ার্ছ ইণ্ডিয়া লিমিটেডক (ই আই এল) সামৰি লোৱা হৈছে৷ ই আই এলে পৰৱর্তী সময়ত প্রকল্প পৰামর্শদাতা হিচাপেও ভূমিকা পালন কৰিব৷ মন কৰিবলগীয়া যে বাঁহনির্ভৰ জৈৱ–শোধনাগাৰ হিচাপে বঙাহগাঁৱৰ প্রকল্পটো হ’ব দেশৰ ভিতৰত সর্বপ্রথম প্রকল্প৷ হয়াৰ পূর্বে যোৱাবছৰ আন উপায়েৰে হাৰিয়ানাৰ পাণিপটত দেশৰ প্রথমটো জৈৱ–শোধনাগাৰ স্থাপন কৰা হৈছিল৷ তদুপৰি নুমলীগড, পঞ্জাবৰ বাথিণ্ডা আৰু ওড়িশাৰবৰগডতো জৈৱ শোধনাগাৰ স্থাপনৰ যো–জা চলাই থকা হৈছে৷

লক্ষণীয়ভাৱে জি–২০ শীর্ষ সন্মিলনত সভাপতিত্বৰ দায়িত্ব পালন কৰি থকা ভাৰতে সেউজ শক্তিক উদগনি দিয়াৰ বাবে জৈৱ শোধনাগাৰৰ ওপৰত যি গুৰুত্ব প্রদান কৰি আহিছে, সেয়া লক্ষণীয়৷ উল্লেখ্য যে জৈৱ শোধনাগৰৰ পৰা উৎপাদিত ২ জি ইথানল আৰু জৈৱ কয়লাহ জীৱাশ্মনির্ভৰ শক্তিৰ বিকল্প হোৱা হেতু কার্বন নির্গমন ৰোধ কৰিব পৰাকৈ জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে এক বৃহৎ হাতিয়াৰ হ’ব পাৰে৷

You might also like