নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেহেনীপাৰাৰ অনন্ত সৎসংগী সত্রত সমূহীয়া বন্তি প্রজ্বলন

মুখ্যমন্ত্রী ড০ শর্মাক আশিস প্রদান–ৰাজ্যবাসীৰ মংগল কামনা

নিয়মীয়া বাৰ্তা ১২ মেঃ জালুকবাৰী সমষ্টিৰ পৰা এবাৰ এবাৰকৈ পঞ্চমবাৰ বিধায়ক হিচাপে নির্বাচিত ড০ হিমন্ত বিশ্ব শর্মা ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে কার্যভাৰ গ্রহণ কৰাৰ লগতে ক’ভিড মহামাৰী নিয়ন্ত্রণ হোৱাৰ কামনাৰে মঙলবাৰে বুৰঞ্জীপ্রসিদ্ধ খেহেনীপাৰা অনন্ত সৎসংগী সত্রৰ চৌহদত অনন্ত যুৱক সংঘৰ সৌজন্যত বন্তি প্রজ্বলন কৰা হয়৷ দেশৰ ভিতৰতে অসমক এখন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়িবলৈ বিগত কুৰি বছৰে ড০ হিমন্ত বিশ্ব শর্মাই পুহি ৰখা সপোন দিঠকত পৰিণত হোৱাৰ কামনাৰে খেহেনীপাৰাৰ ৰাইজে বন্তি প্রজ্বলন কৰে অনন্ত সৎসংগী সত্রত৷ সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলন শুভাৰম্ভ কৰে অনন্ত সৎসংগী সত্রৰ প্রাক্তন সত্রাধিকাৰ পদ্মধৰ শর্মাই৷ খেহেনীপাৰা

অনন্ত সৎসংগী সত্র পৰিচালনা সমিতিৰ সভাপতি বতহু কুমাৰে ড০ হিমন্ত বিশ্ব শর্মাক আশীর্বাদ দিয়াৰ লগতে ৰাজ্যবাসীৰ মংগল কামনা আৰু ক’ভিড মহামাৰী নিয়ন্ত্রণ কৰাৰ উদ্দেশ্যে বন্তি প্রজ্বলন কৰা বুলি ব্যক্ত কৰি সমূহীয়া সেৱা লয় উপস্থিত ৰাইজে ৷ ইয়াৰ পাছত সহস্রাধিক বন্তি প্রজ্বলন কৰি উজলাই তোলা হয় সত্রৰ চৌহদ৷ ক’ভিড প্রট’কলৰ উপৰি চৰকাৰী নীতি–নিয়ম মানি অনুষ্ঠিত কৰা বন্তি প্রজ্বলন কার্যসূচীত বিজেপিৰ যুৱ মর্চাৰ বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক মানৱেন্দ্র ডেকা, বিশিষ্ট সমাজকর্মী দেৱেন্দ্র নাথ বৰুৱা, দীপক দাস, ত্রৈলোক্য শর্মা, হিতেশ শর্মা, হিৰণ্য কুমাৰ, যোগেন গোস্বামী,বীৰেন গোস্বামী, পায়’নিয়াৰ একাডেমীৰ অধ্যক্ষ ৰজনীকান্ত তালুকদাৰ উপস্থিত থাকে৷

You might also like