নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পিছত আহমেদাবাদৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি

🔹 ই–মেইলযোগে ভাবুকিৰ আঁৰত ৰাছিয়াৰ সম্পর্ক

বিশেষ বাৰ্তা, ৭ মে’ : দেশৰ ৰাজধানী নতুন দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ শতাধিক বিদ্যালয় বোমা বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ পিছত এইবাৰ আহমেদাবাদৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে৷ ই–মেইলযোগে আহমেদাবাদৰ ৬খনতকৈ অধিক স্কুলত বোমা বিস্ফোৰণ সংঘটিত কৰিব বুলি ভাবুকি প্রদান কৰিছে৷ এই ভাবুুকিৰ পিছতে বোমা বিশেষজ্ঞৰ দল আৰু আৰক্ষীৰ অপৰাধ শাখাই বিদ্যালয়কেইখনত সূক্ষ্ম পর্যবেক্ষণ কৰে যদিও কোনোধৰণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ আহমেদাবাদৰ চাইবাৰ অপৰাধ শাখাৰ ডিচিপি লাভিনা সিনহাই প্রকাশ কৰা মতে, ই–মেইলযোগে আহমেদাবাদৰ কেইবাখনো স্কুল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে৷ অতি কমেও ছখন বিদ্যালয়ে এই ভাবুকি পোৱাৰ পিছত বিদ্যালয় কর্তৃপক্ষই আৰক্ষীক অৱগত কৰে৷ দিল্লীৰ লেখীয়া আহমেদাবাদতো ই–মেইলযোগে ভাবুকি দিয়া হৈছে৷ প্রাৰম্ভিক তদন্ত মতে এই ই–মেইলসমূহ দেশৰ বাহিৰৰ পৰা প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে আজি গুজৰাটৰ ২৫টা লোকসভা সমষ্টিত ভোটগ্রহণৰ পূর্বে বিদ্যালয়লৈ ই–মেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি দিয়াটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ যোৱা ১ মে’ত দিল্লীত আৰম্ভ হোৱা এই বোমা বিস্ফোৰণৰ ভাবুকি কালি আহমেদাবাদ পালেহি৷ চাইবাৰ অপৰাধ শাখাই প্রাৰম্ভিক তদন্তত প্রকাশ কৰা মতে, ই–মেইলবোৰ ৰাছিয়াৰ সৈতে সম্পর্কিত হৈ আছে৷ অর্থাৎ ৰাছিয়াৰ মস্কোৰ ছার্ভাৰ ব্যৱহাৰ কৰি এই মেইলবোৰ প্রেৰণ কৰি থকা হৈছে৷ কিয়নো মেইল পঠিওৱা ঠিকনাটোত মেইল.ৰু উল্লেখ থকাৰ বাবেই ৰাছিয়াৰ সৈতে সম্পর্ক থকাৰ সন্দেহ কৰা হৈছে৷

You might also like