নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীণা দাস হত্যাকাণ্ডঃ আচল অপৰাধী কোন? বোৱাৰী ললিতাক পুনৰ ৩ দিনৰ আৰক্ষী জিম্মাত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ বশিষ্ঠৰ পিলিংকাটাত সংঘটিত হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ললিতা দলৈ দাসক পুনৰ তিনি দিনৰ বাবে আদালতে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ নিজ বাসগৃহতে এন এছৰ অৱসৰপ্রাপ্ত বিষয়া ৰীণা দাসক চোকা অস্ত্রৰে হানি–খুঁচি নৃশংসভাৱে হত্যা কৰি শৌচাগাৰত মৃতদেহ পেলাই থৈ যোৱা ঘটনা সন্দর্ভত বশিষ্ঠ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অলপতে হত্যাৰ বলি হোৱা অৱসৰপ্রাপ্ত বিষয়া দাসৰ বোৱাৰী ললিতা দলৈ দাসক গ্রেপ্তাৰ কৰে৷

শাহুৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বোৱাৰী কলিতাক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে হত্যাকাণ্ডৰ অভিযুক্ত বোৱাৰী ললিতা দলৈ দাসক মাৰাথন জেৰা চলাই ঘটনাৰ তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে৷

অভিযুক্ত ললিতাক জেৰা কৰি আৰক্ষীয়ে হত্যাকাণ্ড সন্দর্ভত ন ন তথ্য উদ্ঘাটন কৰিছে যদিও তদন্তৰ খাতিৰত এই সন্দর্ভত আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্ত ললিতাক পুনৰ তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে শাহু–বোৱাৰীৰ মাজত চলি থকা সংঘাতৰ বাবেই অৱসৱপ্রাপ্ত এন এছ এছ বিষয়া ৰীণা দাস নৃশংস হত্যাৰ বলি হোৱা বুলি আৰক্ষীয়ে একপ্রকাৰ নিশ্চিত হৈ তদন্ত প্রক্রিয়া চলাই আছে৷ অৱশ্যে এই হত্যাকাণ্ড কোনে কৰিছে, সেই সন্দর্ভত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্রত প্রকাশ।

You might also like