নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰতীৰত ফঁচি মৃত্যু ১০০ তিমি আৰু ডলফিনৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ নিউজিলেণ্ডত যোৱা ২৫ নৱেম্বৰৰ বিয়লি ভাগত মৃত্যুমুখত পৰে ১০০টাৰো অধিক তিমি আৰু ডলফিন। নিউজিলেণ্ডৰ পৰা ৮০০ কিঃমিঃ পূবত অৱস্থিত চাথাম দ্বীপৰ উপকূলত দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰে প্ৰাণী দুবিধ। সাগৰৰ ঢৌত আহি সাগৰতীৰত ফঁচি যোৱাৰ বাবে প্ৰায় ১০০ টা তিমি আৰু ডলফিনৰ মৃত্যু হয়।

ছাথাম দ্বীপৰ উপকূলত বাস কৰা লোকৰ পৰা পলমকৈ খবৰ পোৱাত তীৰত ফঁচি যোৱাত মাছবোৰৰ উদ্ধাৰত ব্যৰ্থ হৈছিল বুলি দেশখনৰ বন সংৰক্ষণ বিভাগে উল্লেখ কৰে। অৱশ্যে তেওঁলোকে ২৬টা মাছৰ প্ৰাণ বচাবলৈ সক্ষম হয়। বগা ছাৰ্কৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে মাছসমূহ সাগৰৰ একেবাৰে পাৰলৈ অহা বুলি সন্দেহ কৰা হৈছে।

You might also like