নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ঘোষণাৰে মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ’

‘ৰৈ ৰৈ বিনালে’য়ে টিকট বিক্ৰী আদিৰ জৰিয়তে ৩২ কোটি টকা উপাৰ্জন কৰিছে। চৰকাৰে জিএছটিৰ অংশ হিচাপে লাভ কৰা ২.৯০ কোটি টকা জুবিন গাৰ্গে গঠন কৰা কলাগুৰু ফাউণ্ডেশ্যনক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই ধন আজি বা কাইলৈ ট্ৰাষ্টৰ একাউণ্টত জমা কৰা হ’ব।

আজি বৃহস্পতিবাৰে (১ জানুৱাৰী) গুৱাহাটীত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ পৰম্পৰাগত নৱবৰ্ষৰ সংবাদ মেল ‘নতুন দিনৰ আলাপ’ত জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে অসমৰ জনসাধাৰণক সম্বোধন কৰি বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ড° শর্মাই তেওঁৰ পৰম্পৰাগত নৱবৰ্ষৰ সংবাদ মেল ‘নতুন দিনৰ আলাপ’ত অংশগ্ৰহণ কৰি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ঘোষণা আগবঢ়ায়।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কৰা মুখ্য ঘোষণা এনেধৰণৰ-

• ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) ২০২০-২০২৫ সময়ছোৱাত ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে অসমক স্বীকৃতি দিছে।

• বিগত ৫ বছৰত অসমৰ অৰ্থনীতি ৪৫ শতাংশ হাৰত বৃদ্ধি পাইছে।

• এই বছৰত অসমৰ জিএছডিপি ৭ লাখ কোটি টকাৰো অধিক হ’ব আৰু প্ৰতিজনৰ জনপতি আয় প্ৰায় ১.৬ লাখ টকা।

• অসম এতিয়া দেশৰ এখন উন্নত ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে।

• নতুন তিনিটা ফৌজদাৰী আইন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমক ভাৰতৰ ভিতৰত প্ৰথম স্থান প্ৰদান কৰিছে।

• ২০২০ চনৰ ৬ শতাংশৰ পৰা ২০২৫ চনত অসমত দোষী সাব্যস্তৰ হাৰ বৃদ্ধি পাই ২৬.৩৮ শতাংশলৈ উন্নীত হৈছে।

• এক সপ্তাহৰ ভিতৰত ঘোষিত বাংলাদেশী নাগৰিকক অসমৰ পৰা উভতাই পঠিওৱাৰ বাবে চৰকাৰে বিশেষ অভিযান আৰম্ভ কৰিছে আৰু বিগত ৩ মাহত ২ হাজাৰতকৈ অধিক বাংলাদেশী নাগৰিকক উভতাই পঠিওৱা হৈছে।

• ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী–উত্তৰ গুৱাহাটী আৰু ধুবুৰী–ফুলবাৰী দলংসহ চাৰিখন নতুন দলঙৰ নিৰ্মাণৰ কাম চলি আছে।

• গুৱাহাটী–উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ দলং ২০২৬ চনৰ ফেব্ৰুৱাৰীত জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব।

• প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰীৰ তৃতীয় সপ্তাহত কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব।

• গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেদি নিৰ্মাণ হ’বলগীয়া দ্বৈত টানেল প্ৰকল্পত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰে’লপথো অন্তৰ্ভুক্ত কৰা হৈছে আৰু প্ৰকল্পৰ ব্যয় ২০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

• অসম এতিয়া বিনিয়োগৰ গন্তব্যস্থল হিচাপে পৰিচিত হৈছে। এই বছৰত ডাভ’ছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ’ৰামত অসমক প্ৰতিনিধিত্ব কৰিব মুখ্যমন্ত্ৰীয়ে।

• বিমানবন্দৰৰ পৰা জলুকবাৰীলৈ এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে অচিৰেই অনুমোদন লাভ কৰিব অসমে।

• লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত ৬০ একৰ ভূমিত হোটেল, কনভেনশ্যন চেণ্টাৰ আদি সুবিধাযুক্ত এৰ’চিটি নিৰ্মাণ কৰা হ’ব।

• বৰ্তমানৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH) ভৱন ভাঙি তাৰ ঠাইত এটা নতুন ছুপাৰ-স্পেচিয়েলিটি হাস্পতাল নিৰ্মাণ কৰা হ’ব।

• টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ লগতে এটা আগশাৰীৰ মোবাইল ফোন উৎপাদন কোম্পানীয়ে অসমত কাৰখানা স্থাপন কৰিব।

• অসম চৰকাৰে কৃষকৰ পৰা ৮ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে।

• ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰ’টন থেৰাপী মেচিন প্ৰৱৰ্তন কৰা ৰাজ্য হিচাপে অসম আগবঢ়াৰ দিশে আগবঢ়িছে, যাৰ ফলত কেঞ্চাৰ চিকিৎসাৰ লগতে মেডিকেল টুৰিজমো বৃদ্ধি পাব।

• ২০২৫ চনত অসমত এটাও গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই।

• চৰকাৰে ১১৭ টকাত যোগান ধৰা দাইল আৰু চেনি এতিয়া ১০০ টকাত দিয়া হ’ব।

• মাধ্যমিক স্তৰত বিদ্যালয় ত্যাগৰ হাৰ ৩০.৪ শতাংশৰ পৰা হ্ৰাস পাই ১৭.৫ শতাংশলৈ নামি আহিছে।

• ‘নিযুত মইনা আঁচনি’ৰ আদৰ্শত ‘বাবু আঁচনি’ আৰম্ভ কৰা হ’ব, যাৰ অধীনত বছৰি ৪ লাখ টকাৰ তলত আয় থকা পৰিয়ালৰ স্নাতকোত্তৰ ছাত্ৰক ২ হাজাৰ টকা আৰু স্নাতক ছাত্ৰক ১ হাজাৰ টকা দিয়া হ’ব।

• বিহুৰ আগতীয়া উপহাৰ হিচাপে অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ ৮ হাজাৰ টকা প্ৰদান কৰা হ’ব।

• এই বিশেষ বিহু উপহাৰৰ পিছত মে’ মাহৰ পৰা নিয়মীয়া ১,২৫০ টকাৰ ধন আগবঢ়োৱা হ’ব।

• জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো সোনকালেই নিষ্পত্তি কৰিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত চৰকাৰৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বিশেষ আদালত গঠনৰ বাবে অনুৰোধ জনোৱা হ’ব।

• জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’য়ে টিকট বিক্ৰী আদিৰ জৰিয়তে ৩২ কোটি টকা উপাৰ্জন কৰিছে। চৰকাৰে জিএছটিৰ অংশ হিচাপে লাভ কৰা ২.৯০ কোটি টকা জুবিন গাৰ্গে গঠন কৰা কলাগুৰু ফাউণ্ডেশ্যনক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে। এই ধন আজি বা কাইলৈ ট্ৰাষ্টৰ একাউণ্টত জমা কৰা হ’ব।

ডিজিটেল ডেস্ক, ১ জানুৱাৰী

You might also like