নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলক নস্যাৎ ৰিপুণৰঃ বিধানসভা নির্বাচনত কংগ্রেছে অকলেই যুঁজিবলৈ সক্ষম

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ কংগ্রেছ–এআইইউডিএফৰ বহুচর্চিত মিত্রতাক লৈ সাংসদ বদৰুদ্দিন আজমলৰ বিপৰীত মেৰুত অৱস্থান গ্রহণ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ মিত্রতা নৌহওঁতেই আজমলে আৰম্ভ কৰা ব্লেকমেইলিং, আগ্রাসী মনোভাবৰ বাবে কংগ্রেছৰ ভিতৰচ’ৰাত উদ্ভৱ হোৱা ক্ষোভ, অসন্তুষ্টি, বিদ্রোহৰ বাবেই সভাপতি বৰাই বিপৰীত মেৰুত অৱস্থান ল’বলগীয়া হৈছে৷ ফলত মহাজোঁট গঠন হোৱাৰ পূর্বেই দুই দলৰ মাজত আৰম্ভ হৈছে সংঘাত৷

উল্লেখ্য যে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে বিহাৰ বিধানসভা নির্বাচনৰ ফলাফলৰ পিছতেই পুনৰ কংগ্রেছৰে মিত্রতাৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰে৷ বিহাৰ বিধানসভা নির্বাচনৰ ফলাফলৰ পৰা শিক্ষা গ্রহণ কৰি কংগ্রেছক তেওঁলোকৰ সৈতে মিত্রতাপাশত আবদ্ধ হ’বলৈ একপ্রকাৰ হেঁচা প্রয়োগ কৰাই নহয়, ব্লেকমেইলিঙৰ ৰাজনীতি আৰম্ভ কৰে৷

আনকি আজমলে প্রদেশ কংগ্রেছৰ অস্তিত্বক আওকাণ কৰি নতুন দিল্লীত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ সৈতে আলোচনাত মিলিত হৈ সেই মিত্রতা চূড়ান্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ সৈতে তেওঁ যুটীয়াভাৱে সেই সিদ্ধান্ত সদৰী কৰিব বুলিও প্রকাশ কৰে৷ আজমলৰ সেই আগ্রাসী স্থিতিক মানি ল’ব বিচৰা নাই প্রদেশ কংগ্রেছে৷

ইয়াৰ প্রতিক্রিয়া হিচাপে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি সংবাদ মাধ্যমৰ আগত কয় যে কংগ্রেছে অকলেই শাসনলৈ আহিব৷ পূর্বতে জৰুৰীকালীন অৱস্থাৰ পিছত কংগ্রেছৰ বেয়া দিন আহিছিল৷ তাৰ পিছতো কিন্তু কংগ্রেছ পুনৰ ক্ষমতালৈ আহিছে৷ দেশকে ধৰি অসমত কংগ্রেছেই সুদীর্ঘকাল শাসন কৰি আহিছে৷ এতিয়াও অসমত কংগ্রেছে অকলেই শাসনত আহিবলৈ সক্ষম৷ অৱশ্যে বিজেপিক উৎখাতৰ স্বার্থতে তেওঁলোকে সকলোকে একগোট হোৱাৰ আহ্বান জনাইছে৷ বদৰুদ্দিন আজমলে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক সাক্ষাৎ কৰাত কোনো বাধা নাই বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে মহাজোঁটত কোন কোন থাকিব, সেয়া অনাগত দিনতহে চূড়ান্ত হ’ব৷

তেওঁ আৰু কয় যে কংগ্রেছৰ নিজা নির্বাচনী ৰণনীতি আছে৷ কংগ্রেছে বর্তমান সেই নিজা ৰণনীতি আৰু নির্দিষ্ট লাইনত কাম কৰি আছে৷ আনহাতে অহা বিধানসভা নির্বাচনত ৰাজ্যিক বিজেপিয়ে বিপিএফৰে মিত্রতা ছেদৰ বাবে তৎপৰ হৈ পৰাৰ লগে লগে কংগ্রেছে পুৰণি বন্ধু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক আঁকোৱালি লোৱাৰ বাবে আগ্রহ প্রকাশ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই আজি পুনৰ বিপিএফক কংগ্রেছৰ মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়৷

সেইদৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সঁহাৰিলৈও কংগ্রেছে বাট চাই আছে বুলি তেওঁ প্রকাশ কৰে৷ ইপিনে, লাহৰীঘাট সমষ্টিৰ একেৰাহে ৫টা কার্যকালৰ বিধায়ক ডাঃ নজৰুল ইছলামে অকল কংগ্রেছ আৰু এআইইউডিএফে মিত্রতা কৰি লাভ নাই বুলি উল্লেখ কৰি কয় যে কংগ্রেছৰ ইমান বেয়া অৱস্থা হোৱা নাই যে এআইইউডিএফৰ লগত মিত্রতা নকৰিলে নহয়৷ তেওঁ প্রতিনিধিত্ব কৰি থকা লাহৰীঘাট সমষ্টি এআইইউডিএফক এৰি দিয়াৰ প্রশ্ণই নুঠে বুলি স্পষ্ট কৰি দি আসন্ন বিধানসভা নির্বাচনত তেওঁ নিজেই সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলি কয়৷

অৱশ্যে তেওঁ বিজেপিক উৎখাতৰ স্বার্থত কংগ্রেছ, এআইইউডিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এম এল), অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণমর্চা আদিকে ধৰি ক্ষুদ্র ক্ষুদ্র আঞ্চলিক দলৰে মহাজোঁট গঠনৰ পোষকতা কৰে৷ ইফালে, পূর্বৰে পৰাই এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ বিৰোধিতা কৰি অহা কংগ্রেছ নেতা, প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই পশ্চিম বিলাসীপাৰা সমষ্টিত অধিক উদ্যমেৰে এআইইউডিএফৰ ভেটিত খহনীয়াৰ সৃষ্টি কৰিছে৷

সমষ্টিটোত এআইইউডিএফৰ দুর্গ হিচাপে পৰিচিত চৰুৱাৰভিটা গাঁৱত কংগ্রেছ নেতা মিঞাই পৰহি এখন দলীয় সভা অনুষ্ঠিত কৰে আৰু সেই সভাতেই গাঁওখনৰ এআইইউডিএফ দলৰ সৰহসংখ্যক লোকক কংগ্রেছত যোগদান কৰোৱায়৷ মুঠতে এআইইউডিএফৰ আগ্রাসী ভূমিকা প্রতিহত কৰাৰ বাবে সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত কংগ্রেছে আজমলৰ ভেটি খহোৱাৰ ৰাজনীতিও সমান্তৰালভাৱে আৰম্ভ কৰিছে৷

You might also like