নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি বৰ্ষামুখ পথত জেওৰা দি ভূঁই ৰুই পথ উন্নয়নৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ দেশে স্বাধীনতা লাভৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি আজাদী কা অম্‌ত মহোৎসৱ হৰ ঘৰ ত্ৰিৰংগাৰ বৰ্ণাঢ্য কাৰ্যসূচী উদযাপনেৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তো যাতায়তৰ নামত হাবু ডুবু খাব লগা হোৱা সোণাৰি চাপৰি বাসীয়ে পথৰ ওপৰত জেওৰা দি ভুই ৰুই  প্ৰতিবাদ জনাব লগা হোৱা  ঘটনাই  পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰৰ উন্নয়নৰ এক বিপৰীত প্ৰতিছবিকেই উন্মোচিত কৰিলে ৷ সোণাৰি চাপৰি চাৰি আলিৰ পৰা বৰ্ষামুখ  পথটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত পকীকৰণ কৰা হৈছিল যদিও সোণাৰি চাপৰি চাৰিআলিত জাৱৰ নিস্কাষণৰ নলা নিৰ্মাণ কৰাৰ পিছৰে পৰাই চাৰিআলিৰ কাষৰ পথ অংশ ক্‌ত্ৰিম হ্ৰদত পৰিণত হৈ এজাক বৰষুণতে জলমগ্ন হৈ আহিছে যদিও গা ল’ৰা নাই জন প্ৰতিনিধিৰ লগতে বিভাগীয় কত্‌পক্ষৰ ৷ আনহাতে উক্ত পথেৰেই চাৰিকড়িয়া, বৰ্ষামুখ, মাধুৱা, পতীয়া চাপৰি, মৌ খোৱা আদি অঞ্চলৰ লগতে কেইবাখনো চৰকাৰী বে চৰকাৰী স্কুলৰ উপৰিও সোণাৰি চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ যোৱাৰ একমাত্ৰ পথ যদিও অতি কদৰ্যময় হৈ পৰা পথ অংশ  দীৰ্ঘ দিনেও মেৰামতি নকৰা পথটোত জেওৰা মাৰি শালী ধানৰ কঠীয়া ৰুই  প্ৰতিবাদত  সাব্যস্ত কৰিব লগা হোৱ ঘটনাই পৰিৱতনকামী ৰাজ্য চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰকৃত স্বৰূপকে উদঙাই দেখুৱালে ৷ এই ক্ষেত্ৰত ৰাজ্যৰ বিয়াগোম লোক নিৰ্মাণ বিভাগৰ লগতে পৰিৱৰ্তন কামী ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰতেই ভবিষ্যত কাৰ্যপন্থা নিৰ্ভৰ কৰিব বুলিও সক্ৰিয়াই অনতিপলমে পথ অংশ যাতায়তৰ বাবে সুচল কৰি তুলিবলৈকো দাবী জনাইছে সোণাৰি চাপৰি বাসীৰ লগতে স্বাস্থ্য কেন্দ্ৰলৈ অহাযোৱা কৰা ৰোগী আৰু কণ কণ শিক্ষাৰ্থী সকলেও ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like