নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত ৰৌণক আলী হাজৰিকাক গ্রেপ্তাৰ

আয়ৰ সৈতে সামঞ্জস্যহীন বিশাল সম্পত্তি আহৰণ ডিআইজিৰ

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ চাকৰিৰ কার্যকালত সোঁৱে–বাঁৱে লুণ্ঠন চলাই পর্বতসম সম্পত্তিৰ গৰাকী হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ–মহাপৰিদর্শক ৰৌণক আলী হাজৰিকাক মঙলবাৰে গ্রেপ্তাৰ কৰিলে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই৷ আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰাৰ অভিযোগত তদাৰকী শাখাই ইতিমধ্যে ৰুজু কৰা ৬/২০২১নং গোচৰত নিলম্বিত আৰক্ষী বিষয়াজনক গ্রেপ্তাৰ কৰাৰ পিছতেই পাণবজাৰ থানাত জেৰা চলায়৷

উল্লেখ্য যে চাকৰি কার্যকালত ক্ষমতাৰ অপব্যৱহাৰেৰে বহু পৰিমাণৰ সম্পত্তি আহৰণ কৰা ৰৌণক আলী হাজৰিকাই গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ ৯বাৰকৈ বিদেশ ভ্রমণ কৰিছিল৷ এই অভিযোগৰ পৰিপ্রেক্ষিততে যোৱা জুলাই মাহত আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল৷ মুখ্যতঃ এই গোচৰৰ ওপৰতে চলাই থকা তদন্তৰ অংশস্বৰূপে যোৱা সপ্তাহত আৰক্ষী বিষয়াজনৰ হেঙেৰাবাৰীস্থিত বাসগৃহত মুখ্যমন্ত্রীৰ তদাৰকী শাখাই লোকনির্মাণ বিভাগৰ সহযোগত অভিযান চলাই তেওঁৰ সম্পত্তিৰ মূল্যায়ন কৰিছিল৷ তদাৰকী শাখাৰ অভিযানৰ পিছতো তদন্তত বিশেষ সহযোগ নকৰা নিলম্বিত বিষয়াজনক আজি নিজ বাসগৃহৰ পৰা গ্রেপ্তাৰৰ পূর্বে তদন্তকাৰী দলটোৱে চাৰে পাঁচ ঘণ্টাজোৰা আন এক অভিযান চলায়৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাৰ নেতৃত্বত চলোৱা এই অভিযানকালত আৰক্ষী বিষয়াজনৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় বহু পৰিমাণৰ বিদেশী ধন, কেইবাখনো বীমা পলিচী আৰু বেংকৰ কেইবাটাও একাউণ্টৰ তথ্য৷

উল্লেখ্য যে মঙলবাৰৰ অভিযানকালত তদন্তকাৰী দলটোৱে ৰৌণক আলী হাজৰিকাই তেওঁৰ কার্যকাল আৰম্ভ কৰা ১৯৯২ চনৰ পৰা ২০২১ চনলৈ কিমান পৰিমাণৰ সম্পত্তি আহৰণ কৰিলে তাৰ এক বিস্তৃত পৰীক্ষা চলায়৷ এই পৰীক্ষাকালতে স্পষ্ট হৈ পৰে যে যোৱা ২৯ বছৰত ১৬৪.৮০ শতাংশ আয়বহির্ভূত সম্পত্তি আহৰণ কৰিবলৈ সক্ষম হৈছে৷ নিলম্বিত আৰক্ষী বিষয়াজনে তেওঁৰ দুই সন্তানৰ পঢ়া–শুনাৰ বাবদ ইতিমধ্যে ব্যয় কৰিছে ১,৭৪,১২,৯৭৪ টকা৷ সেয়াই নহয়, ৰৌণক আলী হাজৰিকাই ২০১৯–২০২১ বর্ষৰ সময়ছোৱাত বঙাইগাঁৱত চাকৰি কৰি থকা অৱস্থাত তেওঁৰ দৰমহাৰ ধন ভাৰতীয় ষ্টেট বেংকত জমা হৈছিল যদিও নিলম্বিত বিষয়াজনে সেই সময়ছোৱাতে তেওঁৰ পৰিয়ালৰ সদস্যৰ নামত এক্সিছ বেংক, য়েছ বেংক আৰু আন কেইবাটাও বিত্তীয় প্রতিষ্ঠানত ধন জমা ৰাখিছিল৷

এই অভিযানকালৰ বিস্তৃত তথ্য প্রকাশ কৰি আৰক্ষী অধীক্ষক ৰ’জী কলিতাই উল্লেখ কৰে যে বিষয়াজনৰ সম্পত্তিৰ মূল্যায়নৰ পিছত আয়তকৈ যে তেওঁৰ সম্পত্তি কেইবাগুণে বেছি, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ তদুপৰি তেওঁৰ কেইবাটাও বেংকৰ একাউণ্টৰ জৰিয়তে বহু টকাৰ লেনদেনৰ তথ্য পোৱা গৈছে৷ আনকি লেনদেনৰ কেইবাটাও খেলিমেলিৰ তথ্যও পোহৰলৈ আহিছে৷ সম্পত্তি মূল্যায়নৰ সময়ত আৰক্ষী বিষয়াজনৰ পৰা প্রতিটো সম্পত্তি কিমান টকাত ক্রয় কৰিছে, সেয়া আহৰণ কৰাৰ পিছত তেওঁৰ চাকৰিৰ উপার্জনেৰে এই সম্পত্তি ক্রয় কৰিব পাৰে নাই, তাক পৰীক্ষা কৰা হৈছে৷ এই পৰীক্ষাতে আয়ৰ সামঞ্জস্যহীন তথ্য উদ্ধাৰ হৈছে৷

মন কৰিবলগীয়া যে দৰং, নলবাৰী, কামৰূপ আৰু বঙাইগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে দীঘলীয়া সময় কার্যনির্বাহ কৰা ৰৌণক আলী হাজৰিকাই আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব চম্ভালি থকাৰ সময়তে ২০১১ চনৰ পৰা ৯বাৰকৈ বিদেশ ভ্রমণ কৰিছিল৷ চৰকাৰৰ অনুমতি নোহোৱাকৈ এনেদৰে বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাক কৈফিয়ৎ তলব কৰা হৈছিল যদিও এইক্ষেত্রত তিলমাত্রও গুৰুত্ব দিয়া নাছিল নিলম্বিত বিষয়াজনে৷ আনকি মুখ্যমন্ত্রীৰ তদাৰকী শাখাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতো তদন্তকালত কৰা নাছিল সহযোগিতা৷ তদন্তকাৰী দলটোৱে প্রকাশ কৰা অনুসৰি অবৈধভাৱে ধন আহৰণ কৰাই নহয়, নিলম্বিত বিষয়াজনে গুৱাহাটীত প্রাসাদোপম অট্টালিকা নির্মাণ কৰাৰ লগতে হিমাচল প্রদেশৰ ছিমলাতো এক বিশাল ৰিজ’ট নির্মাণ কৰি ব্যৱসায় চলাই আছিল৷ গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰা আৰু ডাউন টাউন হাস্পতালৰ সমীপতো বিষয়াজনৰ আছে বিশাল ভূমি আৰু অট্টালিকা৷ আজি ৰৌণক আলী হাজৰিকাক গ্রেপ্তাৰৰ পিছতেই পাণবজাৰ থা

You might also like