নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত গৃহস্থক পণবন্দী কৰি ভয়াৱহ ডকাইতি

মহানগৰ আৰক্ষীৰ চূড়ান্ত ব্যর্থতা

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত মঙলবাৰে দিন দুপৰতে হাতে হাতে মাৰণাস্ত্র লৈ সংঘটিত কৰা ডকাইতি কাণ্ডই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিনেমাৰ কায়দাৰে ৬জনীয়া দুর্বৃত্তৰ দলে গুৱাহাটীৰ ধীৰেনপাৰাৰ গৌতম পালৰ বাসগৃহত প্রৱেশ কৰি পৰিয়ালৰ লোকক পণবন্দী কৰি লুট কৰি নিয়ে নগদ প্রায় ৫ লাখ টকাৰ লগতে সোণ–ৰূপৰ আ–লংকাৰ৷ এই চাঞ্চল্যকৰ ডকাইতি সংঘটিত কৰি দুর্বৃত্তৰ দলটোৱে লিটন মজুমদাৰ নামৰ এজন লোকক গুলীয়াই থৈ যায়৷ দিন দুপৰতে মহানগৰীৰ ধীৰেনপাৰাত এই ডকাইতি সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দিনৰ প্রায় ৪ বজাত ধীৰেনপাৰাৰ সাৰদা পথস্থিত গৌতম পালৰ বাসগৃহলৈ ৬জনীয়া ডকাইতৰ দলটো আহে৷ ঘৰৰ কলিং বেল টিপি ভিতৰত প্রৱেশ কৰি ৬জনীয়া ডকাইতৰ দলটোৱে মাৰণাস্ত্রৰে ভয়–ভাবুকি দি পৰিয়ালটোক পণবন্দী কৰি লুটপাত চলায়৷ ডকাইতৰ দলটোৱে প্রথমে ঘৰৰ ভিতৰত প্রৱেশ কৰিয়েই মাৰণাস্ত্র দেখুৱাই গৌতম পালৰ পত্নী, দুই জীয়ৰী আৰু ৪ বছৰীয়া নাতিনীক পণবন্দী কৰে৷ চিঞৰ–বাখৰ কৰিলে ৪ বছৰীয়া শিশুটিক হত্যাৰ ভাবুকি দি প্রায় ২০ মিনিট ধৰি ঘৰটোত লুটপাত চলায়৷ ইয়াৰ পিছতেই ডকাইতৰ দলটোৱে জনসমাগমৰ মাজেৰে নির্বিঘ্ণে আঁতৰি যায়৷ ওচৰ–চুবুৰীয়াই এই কথা জানিব পাৰি ডকাইতৰ দলটোক ধৰিবৰ বাবে পিছে পিছে খেদি যায়৷ কিন্তু ডকাইতৰ দলটোৱে খেদি যোৱা লিটন মজুমদাৰ নামৰ লোকজনক গুলীয়াই উক্ত স্থানৰ পৰা আঁতৰি যায়৷

স্থানীয় ৰাইজে ততাতৈয়াকৈ লিটন মজুমদাৰক হায়াট হাস্পতালত ভর্তি কৰে৷ সম্প্রতি লিটন মজুমদাৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ৬জনীয়া ডকাইতৰ দলটোৱে এ এছ ০১–ডি জে–৯৬০৪ নম্বৰৰ ডাষ্টাৰ বাহনখন লৈ আহিছিল৷ বাহনখন বর্ষাপাৰা ষ্টেডিয়ামৰ সমীপত পার্কিং কৰি ধীৰেনপাৰাৰ সাৰদা পথত এই ডকাইতি সংঘটিত কৰে৷ ঘটনাস্থলীত বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ শীঘ্রেই এই ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ দিন দুপৰতে ধীৰেনপাৰাত সংঘটিত হোৱা ডকাইতিৰ ঘটনাক লৈ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা খালী কার্ট্রিজ উদ্ধাৰ কৰাৰ লগতে দুর্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখন জব্দ কৰে৷ বাতৰি লিখাৰ পৰলৈকে দুর্বৃত্তৰ দলটোক বিচাৰি মহানগৰ আৰক্ষীয়ে তীব্র অভিযান অব্যাহত ৰাখিছে যদিও এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like