নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেয়াৰ বজাৰত ইতিহাসঃ প্রথমবাৰলৈ ৬০ হাজাৰ অতিক্রম ছেনছেক্স

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ  আন্তর্জাতিক বজাৰত শ্বেয়াৰ বজাৰৰ উত্থানৰ ফলত শুকুৰবাৰে দেশৰ শ্বেয়াৰ বজাৰে ইতিহাস ৰচিলে৷ প্রথমবাৰৰ বাবে বি এছ ই ছেনছেক্স ৬০ হাজাৰ অতিক্রম কৰি দেশীয় শ্বেয়াৰ বজাৰত এক অভিলেখ সৃষ্টি কৰিলে৷

শ্বেয়াৰ বজাৰ শুকুৰবাৰে পুৱা মুকলি হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটীৰ সূচাংক বৃদ্ধি পাবলৈ ধৰে৷ সামৰণি পৰত ছেনছেক্স ১৬৩.১১ তথা ০.২৭ শতাংশ বৃদ্ধিৰে ৬০,৩৩৩ পইণ্ট পায়গৈ৷

ইপিনে এন এছ ই নিফটী ৩০.২৫ পইণ্ট তথা ০.১৭ শতাংশ বৃদ্ধিৰে সর্বকালৰ শিখৰত ১৭,৮৫৩ত বজাৰ সামৰণি পৰে৷

উল্লেখ্য যে শুকুৰবাৰে ছেনছেক্সৰ অভাৱনীয় উত্থানৰ আঁৰত মহিন্দ্র এণ্ড মহিন্দ্র, এইচ চি এল টেক, এইচ ডি এফ চি বেংক, ভাৰতী এয়াৰটেল, মাৰুতি আৰু ইনফ’ছিছৰ শ্বেয়াৰ প্রায় ৪ শতাংশ বৃদ্ধি পায়৷

তাৎপর্যপূর্ণ যে ১৯৯০ চনত ছেনছেক্স প্রথমবাৰৰ বাবে এহেজাৰ পইণ্ট অতিক্রম কৰিছিল৷ ৩১ বছৰ পাছত এই ছেনছেক্সে শুকুৰবাৰে ৬০ হাজাৰ অতিক্রম কৰিলে৷ ২০১৫ চনৰ ৪ মার্চত ৩০ হাজাৰ পইণ্ট অতিক্রম কৰিছিল ছেনছেক্সে৷ ২০২১ চনৰ ২৪ ছেপ্ঢেম্বৰত ছেনছেক্স ৬০ হাজাৰ অতিক্রম কৰি শ্বেয়াৰ বজাৰত অভাৱনীয় ইতিহাস সৃষ্টি কৰিলে৷

বি এছ ইৰ এম ডি আৰু চি ই অ’ আশিস কুমাৰ চৌহানে প্রকাশ কৰা মতে, ছেনছেক্সে ৬০ হাজাৰ অতিক্রম কৰাটোৱে দেশৰ বিকাশ বৃদ্ধিৰ সম্ভাৱনীয়তাক প্রতিফলিত কৰিছে৷ ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাতো বিশ্ব নেতৃত্বৰ হিচাপে ভাৰতে এক দিশত আগবাঢ়িছে৷ বিশ্বব্যাপী মুদ্রা নীতি সম্প্রসাৰণ আৰু বিত্তীয় নীতিক সকাহ দি ভাৰতে গ্রহণ কৰা কঠোৰ সংস্কাৰমূলক মুদ্রা নীতিৰ বাবেই আজি বিশ্বত নিজকে শক্তিশালী ৰূপত উজ্জীৱিত কৰিবলৈ সক্ষম হৈছে৷

You might also like