নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনৰ বাবে বিশেষ মন্ত্রণা দিলে অধিকাৰীসকলক

ভাৰতীয় কার্যকৰী মণ্ডল বৈঠকত মোহন ভাগৱত

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ ভূমিকা কি হ’ব অথবা অসমৰ ৰাজনৈতিক ক্ষেত্রখনত সংঘই কৰিব লগা কাম–কাজ কেনেধৰণৰ হ’ব, সেই সন্দর্ভত অধিকাৰী আৰু কেডাৰসকলক মন্ত্রণা দিলে আৰ এছ এছপ্রধান মোহন ভাগৱতে৷ চাৰিদিনীয়া কার্যসূচীৰে অসমলৈ অহা আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে মালিগাঁৱৰ আদিংগিৰিস্থিত সেৱা ভাৰতী জনজাতি ছাত্রাৱাসত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাৰতীয় কার্যকৰী মণ্ডলৰ বৈঠকত আজি অংশগ্রহণ কৰি সংঘৰ বিভিন্ন সাংগঠনিক দিশ সন্দর্ভত গুৰুত্বপূর্ণ আলোচনা কৰাৰ লগতে অধিকাৰীসকলক সামাজিক আৰু ৰাজনৈতিক দিশত কৰিব লগা কাম–কাজৰ এলানি পৰামর্শ প্রদান কৰে৷ উল্লেখ্য যে অখিল ভাৰতীয় কার্যকৰী মণ্ডলৰ বৈঠক এইবাৰ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ গতিবিধি, যেনে– ধর্মজাগৰণ, কুটুম্ব প্রভুধন, পর্যাবৰণ, গ্রাম বিকাশ, গো–সেৱা আদি বিষয়বোৰৰ ওপৰত আলোচনা কৰা হৈছে৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ত স্বয়ংসেৱকসকলে সমাজত কৰা বিভিন্ন সেৱা কার্যৰ উপৰি বর্তমানৰ পর্যাবৰণৰ দিশতো আলোচনা কৰা হয়৷ মোহন ভাগৱতৰ লগতে বৈঠকৰ দ্বিতীয় দিনা উপস্থিত থাকে সৰকার্যবাহ ভাইয়াজী যোশী আৰু ৮জন অখিল ভাৰতীয় কার্যকৰী আৰু প্রত্যেক প্রান্তৰ প্রান্তটোলী৷ উল্লেখ্য যে অসমৰ ক্ষেত্রত আৰ এছ এছৰ বিভিন্ন কার্য সম্পর্কেও এই বৈঠকত আজি বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নির্বাচনক লৈও আজি দ্বিতীয় দিনা বিভিন্ন বিষয়ক লৈ আলোচনা হয়৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ বাবে সংঘৰ কাম–কাজ বন্ধ হৈ থকা বিষয়টো উত্থাপন কৰি আজিৰ গুৰুত্বপূর্ণ বৈঠকত মোহন ভাগৱতে সংঘৰ কেডাৰসকলক সাংগঠনিক দিশ আগুৱাই নিয়াৰ বাবে অতিৰিক্ত সময় প্রদান কৰিবলৈ আহ্বান জনায়৷ সমান্তৰালভাৱে বিধানসভা নির্বাচনক লৈও সংঘৰ ভূমিকা সন্দর্ভত আলোচনা কৰি পৰোক্ষভাৱে অধিকাৰী আৰু কেডাৰসকলক বিভিন্ন মন্ত্রণা দিয়ে৷ মন কৰিবলগীয়া যে অসম তথা উত্তৰ–পূবৰ ৰাজ্যসমূহত বিজেপি চৰকাৰ গঠনত সংঘই বিগত সময়ছোৱাত বিশেষ ভূমিকা পালন কৰি আহিছে৷ ‘কা’ আন্দোলনক কেন্দ্র কৰি অসম তথা উত্তৰ–পূবত সৃষ্টি হোৱা ক্ষোভ আৰু অসন্তুষ্টিয়ে বিজেপিৰ প্রতি কিছু নেতিবাচক দিশ সৃষ্টি কৰিছে৷

এনে সময়ছোৱাত অসম তথা উত্তৰ–পূবত বিজেপিক পুনৰ ক্ষমতালৈ অনাৰ ক্ষেত্রত আৰ এছ এছৰ ভূমিকাক লৈও ইতিমধ্যে চর্চা চলিছে৷ ইয়াৰ মাজতে গুৱাহাটীত মোহন ভাগৱতৰ উপস্থিতিয়ে বিশেষ তাৎপর্য বহন কৰিছে৷ এক সূত্রই প্রকাশ কৰা অনুসৰি বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত আৰ এছ এছৰ কেডাৰসকলে কিধৰণৰ কাম–কাজ অব্যাহত ৰাখিব তথা তেওঁলোকৰ ভূমিকা কি হ’ব, সেই সম্পর্কে অধিকাৰীসকলৰ জৰিয়তে যোৱা দুটা দিনত কেডাৰসকললৈ বার্তা প্রেৰণ কৰে মোহন ভাগৱতে৷ উল্লেখ্য যে চাৰিদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা আৰ এছ এছৰ প্রধানগৰাকীয়ে আজি ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে৷ আনহাতে, ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ নেতাই আৰ এছ এছৰ প্রধানগৰাকীক যোৱা দুটা দিনত সৌজন্যমূলক সাক্ষাৎ কৰিছে৷ ৪ ডিচেম্বৰত সংঘৰ কার্যসূচী সম্পন্ন কৰি মোহন ভাগৱত উত্তৰ–পূবৰ আন কেইবাখনো ৰাজ্য ভ্রমণ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, ৯ ডিচেম্বৰত তেওঁ পুনৰ গুৱাহাটীলৈ আহিব৷ গুৱাহাটীৰ পল্টন বজাৰস্থিত কেশৱ ধামত উপস্থিত হৈ সংঘৰ প্রচাৰপ্রমুখ, বিষয়ববীয়া আৰু কার্যকর্তাৰ সৈতে এক আলোচনাত মিলিত হ’ব৷ তিনিদিনীয়া কার্যসূচীৰে ৯ ডিচেম্বৰত আহিবলগীয়া মোহন ভাগৱতে এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন দল–সংগঠনকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ এক বিশেষ সূত্রই প্রকাশ কৰা অনুসৰি ৯ ডিচেম্বৰৰ ভ্রমণকালতে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ সম্পর্কে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে গুৰুত্বপূর্ণ বৈঠকতো বহাৰ সম্ভাৱনা আছে৷

You might also like