নিউজ ডেস্ক, ২০ নৱেম্বৰ : পূর্ব নির্ধাৰিত ধাৰণা তথা উদ্দেশ্যপ্রণোদিত প্রচাৰৰ আধাৰত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘক লৈ কোনোধৰণৰ সিদ্ধান্তত উপনীত নহ’বলৈ যুৱ শক্তিলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে৷ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা সৰসংঘচালকগৰাকীয়ে কালি গুৱাহাটীৰ বৰবাৰীস্থিত সুদর্শনালয়ত এক যুৱ নেতৃত্ব সন্মিলনত অংশগ্রহণ কৰি অঞ্চলটোৰ যুৱ সমাজক ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘক ওচৰলৈ আহি নিৰীক্ষণৰ আহ্বান জনায়৷
সমাজৰ বিভিন্ন ক্ষেত্রৰ তিনি শতাধিক যুৱ প্রতিনিধিক সম্বোধন কৰি সৰসংঘচালক ডাঃ মোহন ভাগৱতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ নীতি–আদর্শ–কর্মৰাজিৰ লগতে সংঘক লৈ চলি থকা চর্চা সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়৷ নিজৰ বক্তব্যৰ পাতনি মেলি সৰসংঘচালকগৰাকীয়ে কয় যে সংঘ বর্তমানে এক চর্চাৰ বিষয়৷ কিন্তু যি চর্চা হয় সেয়া সত্য তথ্যৰ ভিত্তিত হোৱা উচিত৷ তথ্যৰ উৎসৰ ক্ষেত্রত মন্তব্য কৰি তেওঁ কয় যে বর্তমানে উইকিপিডিয়াকে ধৰি একাংশ উৎসত সংঘ সম্পর্কীয় উপলব্ধ তথ্যৰ ৫০ শতাংশই ভুল অথবা অসম্পূর্ণ৷ ‘ইচ্ছাকৃতভাৱে সংঘ সন্দর্ভত অপপ্রচাৰ মিডিয়াত চলি আছে৷
কণ্ঠশিল্পী শৰৎ ৰাগৰ দেশভক্তিমূলক গীতৰ মাজেৰে আৰম্ভ হোৱা অনুষ্ঠানটো অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যুৱ সমাজৰ বাবে সংঘক বুজি পোৱাৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্ণিত হৈছে৷ যুৱ নেতৃত্ব সন্মিলনীত সৰসংঘচালক ডাঃ ভাগৱতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মূল লক্ষ্য আৰু উদ্দেশ্য বর্ণনা কৰে৷ সংঘৰ প্রতিষ্ঠাপক ডাঃ কেশৱ বালিৰাম হেডগেৱাৰৰ প্রসংগেৰে তেওঁ কয়– সংঘৰ মূল উদ্দেশ্যই হৈছে ভাৰতক বিশ্বগুৰুৰ আসনত প্রতিষ্ঠা কৰোৱা৷ একমাত্র সমাজৰ উত্থানতহে ৰাষ্ট্রৰ উত্থান সম্ভৱ বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়- একতা আৰু গুণৱত্তাসম্পন্ন এখন সমাজ তৈয়াৰ হ’লেহে ৰাষ্ট্রৰ উত্থান সম্ভৱ হ’ব৷ এইক্ষেত্রতে উন্নত দেশসমূহৰ ইতিহাস অধ্যয়নৰ বাবে আহ্বান জনাই তেওঁ আঙুলিয়াহ দিয়ে- এই দেশসমূহে উন্নতিৰ শিখৰলৈ যোৱাৰ প্রাৰম্ভিক এশটা বছৰ নিজ নিজ সমাজখনক একতা আৰু গুণৱত্তাৰ আধাৰত বিকশিত কৰিছিল৷ ‘ভাৰতৰ সমাজো তেনে হ’ব লাগে৷’ –তেওঁ কয়৷ সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ এই মন্তব্যৰ প্রতিফলন ঘটিছে শতবর্ষপূর্তি উপলক্ষে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই গ্রহণ কৰা পঞ্চ পৰিৱর্তনৰ কর্মসূচীত৷
আনহাতে, ৰাষ্ট্র হিচাপে ভাৰতৰ মহানতাৰ আঁৰত ভাৰতত দেখা পোৱা ভাষা, প্রান্ত, বিশ্বাসৰ বিবিধতাক সন্মান আৰু স্বীকাৰ কৰাৰ পৰম্পৰাক আগস্থান দিয়ে সৰসংঘচালকগৰাকীয়ে৷ ‘বিচিত্রতাক সন্মান দিয়াৰ ভাবধাৰা অন্য দেশত নাই’ বুলি তেওঁ মন্তব্য কৰে৷ ‘কিন্তু, ভাৰতত বিভিন্নতাক লৈ প্রচলিত ভাবধাৰা হ’ল– মোৰটো শুদ্ধ৷ কিন্তু, তোমাৰ স্থানত তুমিও শুদ্ধ৷’ এইক্ষেত্রত ভাৰতৰ পৰা পৃথক হোৱাসকলে বিবিধতা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি পাকিস্তানত পাঞ্জাবী আৰু সিন্ধীভাষীসকলে উর্দু ভাষা ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰে৷ এই বিবিধতাক সন্মান কৰাসকলেই হিন্দু বুলি উল্লেখ কৰি তেনে হিন্দু সমাজক একত্রিত কৰাই ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ লক্ষ্য বুলি দোহাৰে৷ ‘যেতিয়ালৈকে ভাৰতৰ সমাজ সংগঠিত আৰু গুণৱান নহয়, ভাৰতৰ ভাগ্য সলনি নহয়৷’ গুৰুনানক, শ্রীমন্ত শংকৰদেৱ আদি যুগনায়কসকলেও নিজৰ কর্মৰাজিৰে ভাৰতৰ এই বিচিত্রতাক সন্মান জনাই একতাৰ বাণী বিলাই যোৱাৰ প্রসংগ তেওঁ উল্লেখ কৰে৷
গুৱাহাটী মহানগৰৰ বিভিন্ন ক্ষেত্রৰ যুৱ নেতৃত্বই ভাগ লোৱা সন্মিলনত সৰসংঘচালক ভাগৱতে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ এটা সু–মানৱ প্রস্তুতিকৰণ প্রণালী বুলি এক সাৱলীল ব্যাখ্যা আগবঢ়ায়৷ সংঘৰ উদ্দেশ্য হৈছে স্থানীয় পর্যায়ত অ–ৰাজনৈতিক, সামাজিক নেতৃত্ব সৃষ্টি কৰা৷ ‘ব্যক্তি নির্মাণেই সমাজ পৰিৱর্তন কৰিব আৰু সমাজ পৰিৱর্তন হ’লেই ব্যৱস্থাৰ পৰিৱর্তন হ’ব৷’ সংঘৰ শাখাসমূহৰ কার্যসূচীত কেনেদৰে ব্যক্তিৰ গুণৱত্তাৰ উত্তৰণত গুৰুত্ব দিয়া হয় তাৰ অভিজ্ঞতা ল’বলৈ তেওঁ যুৱশক্তিক আহ্বান জনায়৷ প্রশ্ণোত্তৰৰ মাজেৰে আন্তৰিক আলাপৰ সময়তো সৰসংঘচালক ডাঃ ভাগৱতে দুর্নীতি–ভ্রষ্টাচাৰ একমাত্র মানুহৰ চৰিত্র নির্মাণেৰেহে সমাপ্ত কৰিব পৰা যাব বুলি মন্তব্য কৰে৷ একেদৰে আইনৰ জৰিয়তে গো–ৰক্ষাৰ লগে লগে সমাজত বৈজ্ঞানিকভাৱে গো পালন হ’লেহে প্রকৃত অর্থত গো–ৰক্ষা হ’ব বুলি তেওঁ মন্তব্য কৰে৷ তদুপৰি, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মূল উদ্দেশ্যই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলা৷ ‘ভাৰতৰ হকে’ নীতিৰে নিজৰ দেশক শক্তিশালী কৰাৰ গত্যন্তৰ নাই বুলিও তেওঁ উল্লেখ কৰে৷ সময়, ৰুচি আৰু ক্ষমতা অনুসৰি সংঘৰ কাম–কাজত ব্রতী হ’বলৈ যুৱ শক্তিক আহ্বান জনাই সৰসংঘচালকগৰাকীয়ে স্পষ্ট কৰি দিয়ে– ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ সমাজৰে এটা অংশ৷ উত্তৰ পূর্বাঞ্চলতো সংঘৰ ভেটি ক্রমান্বয়ে সুদৃঢ় হোৱা বুলি সৰসংঘচালক ভাগৱতে উল্লেখ কৰে৷