নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ মুখ্যমন্ত্রী : জুবিন ক্ষেত্রত মদ ঢলাসকলক মই চোঁচৰাই আনি গ্রেপ্তাৰ কৰিম

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গক মদ খুৱাই খুৱাই হত্যা কৰা হৈছিল৷ জুবিন গার্গৰ হত্যাৰ তদন্ত অব্যাহত ৰখা এছআইটিয়ে প্রস্তুত কৰি থকা অভিযোগনামাত এই কথা উল্লেখ কৰা হৈছে৷ জুবিন গার্গক ন্যায় প্রদান প্রসংগত পুনৰ শিল্পীগৰাকীক হত্যা কৰা হৈছিল বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– তদন্তত স্পষ্ট হৈছে যে জুবিন গার্গে মদ খাব বিচৰা নাছিল৷ জুবিনক মদ খুওৱা হৈছিল আৰু মদ খুৱাই খুৱায়েই জুবিনক হত্যা কৰা হৈছিল৷ এয়া তদন্তত প্রকাশ পাইছে৷ এতিয়া লুকুৱাবলৈ একো নাই। গৃহ মন্ত্রালয়ৰ পৰা আমি অনুমোদন লাভ কৰিছোঁ৷ গতিকে যিসকল বুদ্ধিজীৱীয়ে জুবিনক মদৰ লগত তুলনা কৰিছিল, তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত৷ যদি সুধাকণ্ঠ ভূপেন হাজৰিকাক নতুন প্রজন্মই গানেৰে চিনি পায়, যদি ভূপেন হাজৰিকাক মানুহে মানুহৰ বাবে, শ্বহীদ প্রণামো তোমাক গানেৰে চিনি পায় তেন্তে জুবিনক কি মদেৰে চিনি পাব, জুবিনক চাধাৰ টেমাৰে চিনি পাব? এয়া জুবিনৰ প্রতি ন্যায় হ’বনে? ৩৮ হাজাৰ গান নোহোৱা হৈ যাব নেকি?

মুখ্যমন্ত্রীয়ে জুবিনক ন্যায় প্রদানৰ ক্ষেত্রত অধিক কঠোৰ স্থিতি গ্রহণ কৰি কয়– জুবিন ক্ষেত্রত মদ ঢলাসকলক মই চোঁচৰাই আনি গ্রেপ্তাৰ কৰিম৷ চার্জশ্বীট দিয়ালৈ মই ৰৈ আছোঁ ৷ চার্জশ্বীটত এই কথা স্পষ্ট হৈছিল যে জুবিনে মদ খোৱা নাছিল৷ গতিকে ইয়াৰ পিছত কোনো মদাহীয়ে যদি জুবিন ক্ষেত্রত মদ ঢালে, তেওঁক চোঁচৰাই আনি গ্রেপ্তাৰ কৰা হ’ব৷ চার্জশ্বীট দিয়ালৈ মই ৰৈ আছোঁ৷ হিমন্ত বিশ্ব শর্মাই যদি মনে মনে থাকে, তেন্তে মই কিবা এটা বিষয়ক লৈ ভাবি থাকোঁ৷ মোৰ ভাব এইটোৱেই যে তদন্তত ওলাল জুবিনে মদ খোৱা নাছিল, মদ খুওৱা হৈছিল৷ অভিযোগনামা দাখিলৰ পিছত যিয়ে সমাধি ক্ষেত্রত মদ খাই যাব, যিয়ে মদ ঢালিব তেওঁকো টানি চোঁচৰাই অনা হ’ব আৰক্ষী থানালৈ৷

মুখ্যমন্ত্রীয়ে পুনৰ কয়– অসমত মই এজন ৰাজনীতিবিদ, যিয়ে নিৰন্তৰভাৱে কৈ আছিলোঁ যে জুবিন জাতীয় সম্পদ৷ সেই সময়ত কিন্তু অখিল গগৈয়ে একো কোৱা নাছিল৷ মৃত্যুৰ পিছত ৰাতিৰ ভিতৰতেই অনুৰাগী হৈ পৰাৰ এক ব্যৱস্থা গঢ়ি উঠিল৷ সবাতোকৈ দুখৰ বিষয় হ’ল যে আমাৰ বুদ্ধিজীৱীসকলেও জুবিন ক্ষেত্রলৈ মদ খাই যাব দিব লাগে বুলি কয়৷ বিশিষ্ট ঔপন্যাসিক ৰীতা চৌধুৰীয়েও সামাজিক মাধ্যমত এই কথাৰ সমর্থন কৰিছিল৷ কিন্তু এতিয়া তদন্তত ওলাইছে যে জুবিনক খুৱাই খুৱাই হত্যা কৰা হৈছিল৷

মুখ্যমন্ত্রীয়ে পুনৰ কয়– জুবিনৰ সমাধি ক্ষেত্রত গৈ মদ খোৱাটো যে জুবিনৰ সৈতে নিমিলে সেয়া মানুহে বুজি পালে৷ জুবিনক যে অকল বিজেপিয়েহে ন্যায় দিব পাৰে সেয়াও মানুহে গম পাই গ’ল৷ সমগ্র ৰাজ্যই জুবিনৰ জন্মদিন পালন কৰাৰ সময়ত অখিল গগৈ ক’ত আছিল? জুবিনৰ জন্মদিনত অসমত অখিল গগৈক কোনেও দেখা পোৱা নাই৷ তেওঁ মুম্বাইলৈ গৈ শাৰদ পাৱাৰক লগ কৰি আছে৷ কিন্তু মই লণ্ডনৰ পৰাও ভাগৰেৰে আহি ৰক্তদান কৰিছোঁ৷ বিজেপিৰ সদস্যসকলে ৰক্তদান কৰিছে৷ জাষ্টিচ ফৰ জুবিন বুলি যিসকলে চিঞৰ–বাখৰ কৰি থাকে, জন্মদিনটোত তেওঁলোকে কি কৰিলে? যিসকল প্রকৃত অনুৰাগী তেওঁলোকে জুবিনৰ জন্মদিন পালন কৰিছে, গীত গাইছে, নাহৰ গছ ৰুইছে৷ কিন্তু যিসকলে অসমখন নেপাল বনাবলৈ জুবিনৰ অনুৰাগী হৈছিল, সেইসকল নোহোৱা হ’ল৷ তেওঁলোকে গম পালে যে ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী থকালৈকে অসম নেপাল হ’ব নোৱাৰে৷

ইফালে, জুবিনৰ ধর্ম নাই বুলি একাংশই কৰি অহা মন্তব্যকো উভতি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– জুবিন গার্গ হিন্দু আছিল৷ তেওঁৰ গাত শিৱৰ টাঁটু আছিল৷ অহা ১০ ডিচেম্বৰৰ পিছত এই লোকসকলৰ মুখৰ মাত নোহোৱা হ’ব৷ চৰকাৰে যি তদন্ত কৰিছে, কাকো ৰেহাই দিয়া নাই৷

You might also like