নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ মৰিকলঙত ডকাইতৰ প্ৰহাৰত আহত ৰূপৰেখা ভূঞাৰ মৃত্যু

ডিজিটেল ডেস্ক, ১০ মে’ : নগাঁও জিলাৰ মৰিকলঙত সংঘটিত ভয়ংকৰ ডকাইতি কাণ্ডত আহত হোৱা ৰূপৰেখা ভূঞাই অৱশেষত মৃত্যুক সাবটি ল’লে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে ২৪ এপ্ৰিলত ৫জনীয়া ডকাইতৰ দলে চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি লুটপাত চলাইছিল। ডকাইতৰ দলে ৰডেৰে আক্ৰমণ কৰি চিকিৎসক দম্পতীক গুৰুতৰভাৱে আহত কৰিছিল।

ঘটনাৰ পিছৰে পৰা ৰূপৰেখা ভূঞা ক’মাত আছিল। চিকিৎসকে অবিৰত চেষ্টা চলাইছিল যদিও অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰি যায় মহিলাগৰাকী।

ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

You might also like