ধুবুৰীৰ গোলকগঞ্জ সমজিলাৰ অন্তৰ্গত আগমনি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৰ্মসংস্কৃতিৰ নমুনা আজি উন্মোচিত হ’ল সাংবাদিকৰ কেমেৰাত। চৰকাৰী সময় অনুসৰি উপস্থিত নহৈ কাৰ্যালয়টোত কৰ্মৰত একাংশই নিজ খেয়ালখুচি মতে কাৰ্যালয়টোলৈ অহাৰ অভিযোগৰ সত্যতা নিৰূপণ কৰিবলৈ আজি উপস্থিত হয় সাংবাদিকৰ দল এটা।
দিনৰ ১১.৩০ বজালৈকে আগমনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত ২০গৰাকী কৰ্মচাৰীৰ ১৮গৰাকীয়ে অনুপস্থিত থকা দেখা পায় সাংবাদিকৰ দলটোৱে। উল্লেখ্য যে ধুবুৰীকে ধৰি জিলাখনৰ একাংশ চৰকাৰী কাৰ্যালয়ত এচাম চৰকাৰী কৰ্মচাৰীয়ে নিজৰ নিজৰ চৰকাৰী দায়িত্বলৈ পিঠি দি নিজ মইমতালিৰে কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। সেয়ে, স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন হৈছে- এনে মানসিকতাৰ সেইসকল চৰকাৰী কৰ্মচাৰীক প্ৰশাসন যন্ত্ৰই নাকী লগাবনে?
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৯ ফেব্ৰুৱাৰী :