মাজুলী মহাবিদ্যালয়ৰ ৩ কৰ্মচাৰীক বিদায় সম্বৰ্ধনা
দীৰ্ঘদিন সেৱা আগবঢ়াই অলপতে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা মাজুলী মহাবিদ্যালয়ৰ তিনিগৰাকী পৰীক্ষাগাৰ যোগনিয়াৰ ক্ৰমে ভোগেশ্বৰ বৰা, দীনকান্ত হাজৰিকা আৰু যোগ পাহাদীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাবলৈ আজি প্ৰাণী বিজ্ঞান বিভাগৰ তৰফৰ পৰা আয়োজন কৰা হয় এখনি বিদায় সম্বৰ্ধনা সভা।
প্ৰাণী বিজ্ঞান বিভাগৰ বিভাগীয় কক্ষত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাৰ আঁত ধৰে প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ বিতোপন ভৰালীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী প্ৰিয়দৰ্শিনী চৌধুৰীয়ে। ছাত্ৰী বৰ্ণিতা ভূঞা পৰিচালিত এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বিভাগৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক ডঃ অনুপ কুমাৰ দলেয়ে।
বিভাগীয় অধ্যাপিকা ডঃ পল্লৱী দুৱৰাই সকলোকে আদৰণী জনায়। সভাখন উদ্বোধন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “কৰ্মচাৰীসকল হৈছে শিক্ষানুষ্ঠান এখনৰ ধৰণী। কৰ্মচাৰীসকলে কৰা নিঃস্বাৰ্থ ত্যাগেই স্বৰূপাৰ্থত নিৰ্ণয় কৰে শিক্ষানুষ্ঠানৰ বিকাশৰ গতিপথ।বিপৰীতে, শিক্ষানুষ্ঠানত কৰ্ম কৰাৰ সুযোগ লাভ কৰাটোও কৰ্মচাৰী এগৰাকীৰ বাবে সৌভাগ্যৰ কথা।”
তেওঁ লগতে মহাবিদ্যালয়খনিলৈ ভোগেশ্বৰ বৰা, দীনকান্ত হাজৰিকা আৰু যোগ পাহাদীয়ে আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ কথা বিশেষভাৱে উল্লেখ কৰি আনুষ্ঠানিকভাৱে বিদায় ল’লেও তেওঁলোকে মহাবিদ্যালয়ৰ উন্নয়নৰ দিশত সদায় সহযোগিতা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।
সভাত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সভাপতি ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, বিভাগীয় অধ্যাপক ডঃ অৰূপ বুঢ়াগোহাঁই, উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ইন্দিৰা বড়া, ডঃ মহঃ আমিনুল ইছলাম, কাৰ্যালয়ৰ মুখ্য সহায়ক পদ্মধৰ বৰুৱা প্ৰমুখ্যে লোকসকল বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সম্বৰ্ধনা সভাখনিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ক্ৰমে ভোগেশ্বৰ বৰা, দীনকান্ত হাজৰিকা আৰু যোগ পাহাদীক প্ৰাণী বিজ্ঞান বিভাগৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ তৰফৰ পৰা অংগবস্ত্ৰ, মুখা, সম্বৰ্ধনা পত্ৰ, স্মাৰক আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।
লগতে অহা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰিবলগীয়া কাৰ্যালয়ৰ মুখ্য সহায়ক পদ্মধৰ বৰুৱাকো অংগবস্ত্ৰ, মুখা আৰু গ্ৰন্থৰ টোপোলাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।নিজৰ বক্তব্যত কেউগৰাকী কৰ্মচাৰীয়ে সফলতাৰে কৰ্মজীৱন সমাপ্ত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় আৰু বিগত দিনবোৰত মহাবিদ্যালয় পৰিয়ালৰ পৰা পোৱা দিহা-পৰামৰ্শৰ কথা সোঁৱৰণ কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ভৱিষ্যতৰ দিনত মাজুলীৰ উচ্চশিক্ষাৰ প্ৰথমখন অনুষ্ঠানৰ উন্নতিৰ দিশত পাৰ্যমানে সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী পম্পী ভৰালীয়ে।
বিশেষ বাৰ্তা, মাজুলী, ৯ ফেব্ৰুৱাৰী