নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ মুৰ্কংচেলেক ৰে’ল ষ্টেচনত মৃত অৱস্থাত উদ্ধাৰ যুৱক

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ জোনাই মুৰ্কংচেলেক ৰে’ল ষ্টেচনত আজি পুৱাই ৰে’লৰ দবাৰ ভিতৰত এগৰাকী যুৱক মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, গুৱাহাটী কামাখ্যাৰ পৰা মূর্কংচেলেকলৈ অহা যাত্ৰীবাহী ট্ৰেইন লাচিত এক্সপ্ৰেছখনৰ জেনেৰেল দবাত পুৱা প্ৰায় ৭.১০ বজাত গোবিন্দ পাতৰ (৩০) নামৰ ব্যক্তিজনক মৃত অৱস্থাত উদ্ধাৰ কৰে ৰে’লৱে আৰক্ষীয়ে। মৃত ব্যক্তিজন ৩নং মূর্কংচেলেক গাঁৱৰ নিবাসী তনুৰাম পাতৰৰ পুত্র।

মৃত গোবিন্দ পাতৰ গুৱাহাটী কামাখ্যা ষ্টেচনৰ পৰা অকলে লাচিত এক্সপ্ৰেছত জোনাইলৈ আহি থকা অৱস্থাত নিশাই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে গোবিন্দ পাতৰৰ মৃত্যু কেনেকৈ কি কাৰণত মৃত্যু হৈছে এই সন্দৰ্ভত বাতৰি লিখা পৰলৈ সঠিকভাৱে জানিব পৰা হোৱা নাই৷ যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে নিয়া হৈছে ৰে’লৱে আৰক্ষীয়ে৷ যুৱকজনৰ এনে অকাল মৃত্যুত আজি জোনাই মুৰ্কংচেলেক ৰে’লৱে ষ্টেচনত শোকাকুল পৰিবেশৰ সৃষ্টি হয়৷

You might also like