নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী সঞ্জয় কিষাণক আলফা (স্বা)ৰ সকিয়নিঃ ২৪ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী

নিয়মীয়া বাৰ্তা, ১৪ মেঃ নিষিদ্ধ ঘোষিত স‌ংগঠন আলফা(স্বা)ৰ ৰোষত পৰিছে মন্ত্ৰী সঞ্জয় কিষাণ। আলফা সভাপতি পৰেশ বৰুৱাক মিছলীয়া আখ্যা দিয়াত মন্ত্ৰীগৰাকীক উভতি ধৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে।

শেহতীয়াকৈ আলফা(স্বা)ত বিজু গগৈ ওৰফে ভাগ্য অসমৰ আত্মহত্যাক কেন্দ্ৰ কৰি আলফা শীৰ্ষ মুৰব্বী পৰেশ বৰুৱাক সমালোচনা কৰিছিল মন্ত্ৰী সঞ্জয় কিষাণে।

স‌ংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি সংগঠনৰ প্ৰচাৰ বিভাগৰ সম্পাদক অৰুণোদয় অসমে মন্ত্ৰীগৰাকীয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ বক্তব্যৰ বাবে ক্ষমা নুখুজিলে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিজেপি দলৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণক নিষিদ্ধ ঘোষণা কৰাৰ ভাবুকি প্ৰদান কৰিছে।

নিষিদ্ধ ঘোষিত সংগঠনটোৰ ফালৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত কোৱা হৈছে-“তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষান ডাঙৰীয়াই কোনো ধৰণৰ সত্য সত্যতা বিচাৰ নকৰি প্রকৃত সত্যক মিছা অপ্রলেপ দি নিজৰ মতামত প্রকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত সংগঠনৰ সভাপতি পৰেশ বৰুৱাৰ বিৰুদ্ধে “মিছলীয়া” শব্দৰ প্ৰয়োগেৰে অপমান সূচক মন্তব্য কৰা দৃষ্টিগোচৰ হৈছে। তেখেতৰ লগতে আমাৰ সংগঠনৰ ভাৱমূৰ্ত্তিৰ আঘাত সনা কাৰ্যক আমি কোনো পধ্যেই মানি লব নোৱাৰোঁ । সেয়েহে আমি ইয়াৰ তীব্র প্রতিবাদ কৰি তেখেতৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰিছোঁ। গতিকে তেখেতে তেখেতৰ অপৰাধৰ বাবে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ ওচৰত যদি ক্ষমাপ্রার্থনা নিবিচাৰে তেন্তে সমগ্র তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতক নিষিদ্ধ ঘোষণা কৰা হ’ব।”

ইফালে অসমৰ জনগণক বিধায়ক সঞ্জয় কিষানৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্যৱলীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈও এই বিবৃতিৰ যোগে আহ্বান জনাইছে সংগঠনটোৱে। ইয়াৰ বিপৰীতে কোনো দল-সংগঠন তথা ব্যক্তি বিশেষে সঞ্জয় কিষানৰ সমৰ্থনত ওলাই আহিলে তেখেত সকলে নিজৰ দায়িত্ব নিজেই বহন কৰিব লাগিব একপ্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিছেনিষিদ্ধ ঘোষিত সংগঠনটোৱে।

You might also like