নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত লাভ জেহাদৰ ঘটনাঃ নিজ পৰিচয় লুকুৱাই যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ৰাজ্যত পুনৰ লাভ জেহাদৰ এক ঘটনা সংঘটিত হৈছে। আজি কেইবাগৰাকী ব্যক্তিৰ তৎপৰতাত ধুবুৰীৰ বালুৰচৰ অঞ্চলৰ ভণ্ড প্ৰেমিকৰ গৃহৰ পৰা এগৰাকী স্থানীয় যুৱতী উদ্ধাৰ হোৱাৰ পিছত এই চাঞ্চল্যকৰ ঘটনাটো পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে যুৱক–যুৱতীহালক ধুবুৰী সদৰ থানালৈ নি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, জনৈক ইনায়ৎ আলী ওৰফে মুন্নু শেখ নামৰ সেই যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় গোপন ৰাখি ৰাজ নামেৰে প্ৰায় দুই বছৰমান পূৰ্বে ধুবুৰীৰে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। বিষয়টো জানিব পাৰি ধুবুৰীৰ কেইজনমান সৰবৰহী ব্যক্তিয়ে গোপনে অনুসন্ধান আৰম্ভ কৰিছিল। অৱশেষত সেই ব্যক্তি কেইগৰাকীয়ে আজি চহৰখনৰ বালুৰচৰস্থিত প্ৰেমিকৰ গৃহৰ পৰা যুৱতীগৰাকী উদ্ধাৰ কৰাৰ পিছত উৰহী গছৰ ওৰ ওলায়। আনকি নিজৰ প্ৰকৃত পৰিচয় গোপন কৰাৰ উপৰিও যুৱতীগৰাকীক লৈ ভণ্ড প্ৰেমিকে ধুবুৰীৰ মাজমজিয়াৰ এখন হোটেলত নৈশ যাপন কৰাৰো অভিযোগ উঠা পোৱা গৈছে। অভিযোগ এয়াও যে, প্ৰেমিকাৰ আপত্তিজনক আলোকচিত্ৰ তুলি ভণ্ড প্ৰেমিকজনে ব্লেকমেইলিং কৰি আছিল। বৰ্তমানে ‘লাভ জেহাদ’ৰ এই ঘটনাটোক লৈ ধুবুৰীত ব্যাপক আলোঢ়নৰ সৃষ্টি হোৱা পোৱা গৈছে।

প্ৰেৰকঃঅমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like