নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাখপতিৰ পৰা কোটিপতি হোৱাৰ সপোন দেখিব লাগিব : অজন্তা নেওগ

চামতাত বিকাশ যাত্ৰাৰ বিশাল সমাৱেশ
নিয়মীয়া বার্তা, ৩ মাৰ্চঃ ৰাইজৰ সদিচ্চাৰ বাবে সম্প্ৰতি অসমৰ পৰিস্থিতি সলনি হৈছে। অসমত শান্তিৰ পৰিবেশ ঘূৰি আহিছে। ৯৬ হাজাৰ নিবনুৱাই চাকৰি লাভ কৰি আজি  তেওঁলোকৰ মনত আশা জাগিছে। এতিয়া নলবাৰীত নীল বিপ্লৱ, শ্বেত বিপ্লৱ গঢ়িব লাগিব। নলবাৰীৰ মাছ, গাখীৰৰ লগতে অন্য সামগ্রীসমূহে বজাৰ দখল কৰিব লাগিব। এইদৰে আজি পশ্চিম নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নিৰ্মীয়মান ষ্টেডিয়ামত অনুষ্ঠিত চৰকাৰৰ বিকাশ যাত্ৰাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় বিত্তমন্ত্ৰী অজন্তা নেওগে। ভাষন প্ৰসংগত তেওঁ আৰু কয়- আমাৰ মহিলাসকলেও লাখপতিৰ পৰা কোটিপতি হোৱাৰ সপোন দেখিব লাগিব তেতিয়াহে অসমখন অগ্রণী অসম হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব । আনহাতে তেওঁ পশ্চিম নলবাৰী অঞ্চলৰ শিল্প সংস্কৃতিৰ প্ৰসংগ উল্লেখ কৰি সংগীত নাটক একাডেমী বঁটাপ্ৰাপক “মঞ্চ সূৰ্য” ধৰণী বৰ্মন, ঢুলীয়া শিল্পী মোহন ভাইৰাৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। আজিৰ অনুষ্ঠানত নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে বুটাম টিপি ভাৰ্চুৱেলী চৰকাৰৰ বিকাশ যাত্ৰাৰ কেবাটাও অভিলাষী আঁচনিৰ শুভ উদ্ধোধন কৰে। শুভাৰম্ভ অনুষ্ঠানত আদৰণী ভাষন প্ৰদান কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। অনুষ্ঠানত উপস্থিত থাকি ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাষন প্ৰসংগত কয়, প্ৰতিটো সমষ্টিতে আৰু নতুনকৈ ছয় হাজাৰহিতাধিকাৰীৰ মাজত অৰুণোদয় আঁচনি প্ৰদান কৰা হব। লগতে দহ লাখ নতুনকৈ হিতাধিকাৰীক চৰকাৰী আবাহ গৃহ প্ৰদান কৰা হব বুলিও ৰাইজৰ মাজত অৱগত কৰে। আনহাতে কলিতাকুছিৰ পৰা নলবাৰীলৈ ৮৯ কোটি টকাৰ পথৰ উন্নতিকৰণ, ১২ কোটি টকাৰে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম প্ৰকল্পৰ উন্নতিকৰণ, বিল্বেশ্বৰ দেবালয়ৰ পৰা নলবাৰীলৈ যোৱা পথৰ উন্নতিকৰণ, বৰক্ষেত্ৰীত ১৫ কোটি টকাৰ জনসিঞ্চন ব্যৱস্থাৰ লগতে মহিলা সবলীকৰণ, কাৰিকৰী শিক্ষা, যুৱ ব্যৱসায়ী, কৃষি,  শিক্ষানুষ্ঠান উন্নতিকৰণত চৰকাৰে লোৱা পদক্ষেপৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকাই ভাষন প্ৰসংগত বৰ্তমান চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ ওপৰত বক্তব্য আগবঢ়ায়। আজিৰ সভাত উপস্থিত থাকে টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, সমাজকৰ্মী তথা নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, সমাজকৰ্মী শচীন শৰ্মা, অশোক দত্ত, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা, সম্পাদক, বিকাশ ভট্টাচাৰ্য, পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ ডেকা, বিনয় ভূষন দত্ত, সমাজকৰ্মী শৈলেন কলিতাকে ধৰি অনুষ্ঠানত কেইবাসহস্ৰ পুৰুষ মহিলাৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। সভাৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে।
প্রেৰক তপন কুমাৰ শর্মা
You might also like