নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ললিত কলা একাডেমী বঁটাৰ বাবে নির্বাচিত অসমৰ যুৱ চিত্ৰশিল্পী জিণ্টুমোহন কলিতাঃ ৯ এপ্ৰিলত উপ-ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা

নিয়মীয়া বাৰ্তা, ৩১ মার্চঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্র্যালয়ৰ অধীনস্থ ললিত কলা একাডেমীয়ে চাৰু কলা বিষয়ত আগবঢ়োৱা দেশৰ অন্যতম সর্বোচ্চ সন্মান “ললিত কলা একাডেমী বঁটা” ওৰফে “ৰাষ্ট্ৰীয় কলা বঁটা” চলিত বৰ্ষৰ বাবে জুৰীৰ দ্বাৰা নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাসম্পন্ন যুৱ চিত্রশিল্পী জিন্টুমোহন কলিতা৷ উল্লেখ্য যে দেশৰ মুঠ ২০ গৰাকী চিত্রশিল্পীৰ ভিতৰত অসমৰ পৰা এই বঁটাৰ বাবে নির্বাচিত হোৱা একমাত্র চিত্রশিল্পী হৈছে জিন্টুমোহন কলিতা। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত আনন্দপুৰ চি ব্লক গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দৰাম কলিতা আৰু লীলৱতী কলিতাৰ কনিষ্ঠ পুত্ৰ জিন্টুমোহনৰ বাঢ়ৈগিৰি শিল্প “মা” শীর্ষক কলাত্মক চিত্ৰখন নতুন দিল্লীত অনুষ্ঠিতব্য ৬২ সংখ্যক ললিত কলা অকাদেমী বঁটাৰ নিৰ্বাচিত হৈছে৷ অহা ৯ এপ্ৰিলত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিতব্য বঁটা প্রদান অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জিন্টুমোহনক এই সন্মানীয় বঁটা প্ৰদান কৰিব বুলি ললিত কলা একাডেমীয়ে প্ৰকাশ কৰিছে৷ আনহাতে এই বঁটা প্ৰদান অনুষ্ঠানৰ লগতে ললিত কলা একাডেমীৰ দ্বাৰা নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱন গেলেৰীত ৬২সংখ্যক প্রদর্শনীত বঁটা প্ৰাপক জিন্টুমোহনৰ বিশেষ কলা সম্বলিত চিত্রও প্রদর্শিত হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় কলা বঁটা হৈছে ভাৰতৰ চাৰু কলাৰ বাবে প্ৰদান কৰা এক সর্বোচ্চ সন্মান। ভাৰতীয় কলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্য ভাৰত চৰকাৰে ১৯৫৪ চনত এই একাডেমী প্রতিষ্ঠা কৰিছিল৷ ভাৰত তথা এছিয়া মহাদেশৰ বিখ্যাত কলাকাৰ আৰু শিল্পীক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে৷ চত্তীশগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা চাৰু কলা বিষয়ৰ স্নাতক ডিগ্ৰী লাভ কৰা জিন্টুমোহন কলিতাই ইতিমধ্যে দিল্লী, হাৰিয়ানা, মুম্বাই, কোলকতা, ছত্তিশগড় অমৃতসৰকে ধৰি দেশৰ বিভিন্ন ঠাইৰ লগতে আর্জেন্টিনা, বুলগেৰিয়া, ৰোমানিয়া, চীন, টাইৱান আদি দেশতো নিজৰ চিত্ৰকলা প্ৰদৰ্শন কৰি সন্মান আৰু প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্র্যালয় আৰু ললিত কলা ৰাষ্ট্ৰীয় অকাদেমীৰ পৰা জলপানি লাভ কৰা জিন্টুমোহনে ২০১৯ বৰ্ষত চিমা এৱাৰ্ড আৰু ২০২১ বৰ্ষত আবিৰ ফাৰ্ষ্ট টেকচ্ এৱাৰ্ড লাভ কৰিবলৈও সক্ষম হৈছে৷ ভাৰতীয় চিত্রকলা, ভাস্কর্য আদি বিষয়ত শ্রেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিক ললিত কলা অকাদেমীয়ে আগবঢ়োৱা এনে সন্মানীয় বঁটাৰ বাবে নির্বাচিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা চিত্ৰ শিল্পী জিন্টুমোহন কলিতাক বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like